Woman Escapes From Human Traffickers:কাম দিয়াৰ প্ৰলোভনৰে মৰিগাঁওৰ মহিলাক ডেৰ লাখ টকাত বিক্ৰী হাৰিয়ানাত

মানৱ সৰবৰাহকাৰীৰ কবলৰ পলায়ন

WhatsApp Image 2023 02 13 at 17.15.06

Woman Escapes From Human Traffickers:

ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ জাল ৷ দৰিদ্ৰতাৰ সূযোগ লৈ বহি:ৰাজ্যত কাম দিয়াৰ প্ৰলোভনৰে বহু যুৱতী-মহিলাক প্ৰেৰণ ৰাজ্যৰ বাহিৰলৈ ৷

উল্লেখ্য যে,বহি:ৰাজ্যৰ মানৱ সৰবৰাহকাৰী ৰেকেটটোকক সহযোগিতা কৰি আহিছে অসমৰ কেইবাটাও চক্ৰ ৷ এই ভয়ংকৰ কথা সদৰি কৰিছে এগৰাকী ভূক্তভোগী মহিলাই ৷

ডেৰ লাখ টকাত হাৰিয়ানাত বিক্ৰী কৰা হৈছিল দুৰ্ভগীয়া মহিলা গৰাকীক ৷ এমাহ পূৰ্বে কামৰ প্ৰলোভনেৰে মৰিগাঁওৰ পৰা হাৰিয়ানাৰ হিছাৰলৈ নি জোৰ জুলুমকৈ বিবাহৰ বাবে বাধ্য কৰোৱা হৈছিল মহিলাগৰাকীক ৷ আনকি বিগত এমাহ ধৰি গৃহবন্দী কৰি ৰাখিছিল মহিলাগৰাকীক ৷
কিন্ত দেওবাৰে পুৱা অতি কৌশলৰে মানৱ সৰবৰাহকাৰী চক্ৰটোৰ কৱলৰ পৰা পলায় আহিবলৈ সক্ষম হয় ৷ আজি দিল্লী পুলিচৰ সহযোগত অসমলৈ অহাৰ পাছতে ভয়ংকৰ তথ্য সদৰি কৰে মহিলা গৰাকীয়ে ৷

ইতিমধ্যে ৰাজ্যৰ আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়ে ৷

Exit mobile version