Brown Sugar Seized In Betkuchi: মহানগৰীৰ বেতকুছিত পৰিবহণ বিভাগৰ তালাচীত

ট্ৰাকৰ পৰা জব্দ ১৬ কিলোগ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ

WhatsApp Image 2023 02 14 at 16.26.23

Brown Sugar Seized In Betkuchi :

মহানগৰীৰ বেতকুছিত পৰিবহন বিভাগৰ নিয়মীয়া তালাচীত ট্ৰাকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ ১৬ কিলোগ্ৰাম ওজনৰ  ব্ৰাউন চুগাৰ খিনি যোৰাবাটৰ পৰা গৌৰিপুৰলৈ সৰবৰাহৰ বাবে নিয়াৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে ৷

পাঁচ কোটি মুল্যৰ ব্ৰাউন চুগাৰ সৰবৰাহৰ স’তে জড়িত ছাহিদুৰ ৰহমানক আটক কৰা হয়। আনহাতে সৰবৰাহৰ মাষ্টাৰ মাইণ্ড আজাদ খান পলায়ন কৰিবলৈ সক্ষম হয় ৷ জব্দ কৃত ট্ৰাক খনৰ নম্বৰ হৈছে এএছ ০১-জি চি ৯৫৩৬ ৷

ইতিমধ্যে পৰিবহণ বিভাগৰ এনফৰ্চমেন্ট পৰিদৰ্শকৰ দলটোৱে ব্ৰাউন চুগাৰ সহ ধৃত সৰবৰাহকাৰীটোক মহানগৰ আৰক্ষীক গতাই দিয়ে ৷

Exit mobile version