Geetanagar Police Station: মহানগৰীৰ গীতানগৰ থানাত অঘটন !

সুৰামত্ত আৰক্ষীৰ উদ্ভণ্ডালি

WhatsApp Image 2023 02 14 at 14.50.59 1

Geetanagar Police Station:

মহানগৰীৰ এখন থানাত সুৰামত্ত আৰক্ষীৰ উদ্ভণ্ডালি ৷ এই কাণ্ডই পুনৰ এবাৰ উন্মোচিত কৰিলে স্মাৰ্ট আৰক্ষীৰ নগ্ন ৰূপ ৷

 গীতানগৰ থানাৰ তিনি সুৰামত্ত জোৱানে থানাৰ অ’চিক কৰে প্ৰহাৰ ৷ শিলেৰে মুৰত কৰে উপযুপৰি প্ৰহাৰ

 গীতানগৰৰে ক্ৰিষ্টেল বাৰত নিশা সুৰাপান কৰি আহি তিনি আৰক্ষী ক্ৰমে ৰোহন মৰাং,বিক্ৰমজিৎ বৰ্মন আৰু জিন্টু ডেকাই  অ’চি আদিত্য দেউৰীৰ স’তে লিপ্ত হয় তৰ্কাতৰ্কিত  ৷ পাছত তিনি সুৰাপায়ী জোৱানে শিলৰে অ’চি গৰাকীক প্ৰহাৰ কৰে ৷
তেজেৰ তুমৰলি হৈ পৰা অ’চি দেউৰীক থানাৰ আন আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় ৷ আনহাতে সুৰামত্ত তিনি জোৱানক আটক কৰে আৰক্ষীয়ে ৷

এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে সমগ্ৰ গীতানগৰ অঞ্চলত ৷

Exit mobile version