Guwahati High Court Hearing :
বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে দুই ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি অভিযান চলাই ইতিমধ্যে চাৰি সহস্ৰাধিক লোকক আটক কৰাৰ পাছতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে ৰাজ্য চৰকাৰে ৷
উল্লেখ্য যে,মঙলবাৰে বাল্য বিবাহৰ জামিন আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাজনো অভিযুক্তৰ অগ্ৰিম জামিন মঞ্জুৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য দি ন্যায়ালয়ৰ প্ৰশ্ন এইবোৰ গোচৰত কিয় জিন্মাত লব লাগে অভিযুক্তক ৷ লগতে কিয় POCSO লগাইছে বুলিও প্ৰশ্ন চৰকাৰক ৷
একেদৰে আদালতে উল্লেখ কৰে যে, গ্ৰেপ্তাৰে মানুহৰ ব্যক্তিগত জীৱনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ সন্তান আছে , পৰিয়াল আছে আৰু বৃদ্ধ পিতৃ -মাতৃ আছে ৷
আৰক্ষীয়ে যধেমধে কৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে ন্যায়ালয়ে তুলাধুনা দি কয়,”আইন অনুসৰি আগবাঢ়িব দিয়ক, চাৰ্জ শ্বীট দাখিল কৰক, যদি তেওঁলোকক দোষী সাব্যস্ত হয় হ’ব ৷
ন্যায়াধীশ সুমন শ্যামৰ আদালতে আৰক্ষীৰ জিন্মাত থকা ব্যক্তিক সোধপোছ কৰাৰ দৰকাৰ কি বুলি প্ৰশ্ন কৰি কয়,গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা লগালেই হ’ব নেকি ৷ আনহাতে গ্ৰেপ্তাৰ কৰা সকলে চুৰি কৰিছিল নেকি বুলি কৈ চৰকাৰক তুলাধুনা
দিয়ে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই স্থিতিৰ পাছত ৰাজ্য চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেইয়া হ’ব লক্ষণীয় ৷