Assam Police : অসম আৰক্ষীৰ জিন্মাত কিমান সুৰক্ষিত আচামী !

পাঁচ বছৰত লকআপত মৃত্যু হোৱা আচামীৰ সংখ্যা ২৮

WhatsApp Image 2023 02 15 at 12.18.15

Assam Police :

অসম আৰক্ষী সন্দৰ্ভত ৰাজ্যসভাত উন্মোচিত হৈছে এক উদ্বেগজনক ছবি ৷ ৰাজ্যসভাত প্ৰকাশিত এক তথ্য অনুসৰি বিগত পাঁচটা বছৰত অসমত আৰক্ষী থানাৰ লকআপত মৃত্যু হোৱা আচামীৰ সংখ্যা ২৮ জন ৷

২০১৭ ৰ পৰা বৰ্তমানলৈকে ক্ৰম অনুযায়ী ২০১৭-১৮ ত ১১ জন,২০১৮-১৯ ত ৫ জন,২০১৯-২০ত২জন,২০২০-২১ত এজনৰ আৰু ২০২১-২২ত ৯ জনৰ মৃত্যু হয় ৷

আনহাতে সমগ্ৰ দেশত ২০১৭ ৰ পৰা বৰ্তমানলৈকে আৰক্ষী লকআপত মৃত্যু হোৱা আচামীৰ সংখ্যা ৬৬৯ জন ৷
অধিক সংখ্যক আচামীৰ মৃত্যু হোৱাৰ সংখ্যাৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ ৷

একেদৰে দ্বিতীয় স্থানত আছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাট ৷ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে বিহাৰ আৰু ৰাজস্থান ৷

উল্লেখ্য যে,এই তথ্য ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত পঞ্জীভূক্ত হোৱা গোচৰৰ পৰা জানিব পৰা গৈছে ৷

Exit mobile version