Earthquake In Turkey and Syria : ১০০ বছৰৰ ইতিহাসত এনে ভয়াবহ ভূমিকম্প দেখা নাই দেশে , ক’লে তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে

1676430761 turkey

Earthquake In Turkey and Syria :

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ এসপ্তাহ পাৰ হ’ল। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান । ধ্বংসাস্তূপৰ তলত এতিয়াও বহু লোক আটক হৈ থকাৰ আশংকা । বিগত ১০০ বছৰত এনে ভূমিকম্প হোৱা দেখা নাই তুৰস্কবাসীয়ে ,এই কথা জনালে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডোগানে ।

তুৰ্কীৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ মুখ্য কাৰ্যালয়ত কেবিনেট বৈঠক পাঁচ ঘণ্টা ধৰি চলিছিল। বৈঠকত এৰ্ডোগানে ভূমিকম্পটোক “যোৱা শতিকাৰ আটাইতকৈ বেয়া দুৰ্যোগ” বুলি বৰ্ণনা কৰে। ১৯৩৯ চনত তুৰস্ক ইমান ভয়ংকৰ ভাৱে জোকাৰি গৈছিল। ফলস্বৰূপে, ৩৩ হেজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।

এইবাৰ মৃত্যুৰ সংখ্যা ইতিমধ্যে ৩৬ হেজাৰ অতিক্ৰম কৰিছে। এৰ্ডোগানে জনাই যে ভূমিকম্পৰ ফলত তুৰস্কত ৪৭ হেজাৰ ঘৰ খহি পৰে। প্ৰায় দুই লাখ ১১ হেজাৰ বাসিন্দা এই ঘৰবোৰত বাস কৰিছিল।

ছিৰিয়াত এতিয়ালৈকে তিনি হেজাৰ ৭০০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ ফলত এক লাখ পাঁচ হেজাৰ ৫০৫ জন লোক গুৰুতৰভাৱে আহত হয়।

প্ৰায় ১৩ হেজাৰ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, বুলিও এৰ্ডোগানে কয়। কেবিনেট বৈঠকত এৰ্ডোগানে কয় যে ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ থকা অন্তিমজন ব্যক্তিক উদ্ধাৰ নোহোৱালৈকে উদ্ধাৰ অভিযান অব্যাহত থাকিব। ”

Exit mobile version