Hoax Bomb Alert At Pune Google’s Office : গুগলৰ পুনেস্থিত কাৰ্যালয়ত বোমাতংক !

ফোনযোগে দিয়া হ’ল বোমা আক্ৰমণৰ ভাবুকি

download 2

Hoax Bomb Alert At Pune Google’s Office :

মায়ানগৰী পুনেস্থিত গুগলৰ কাৰ্যালয়ত বোমাতংক ৷ফোনযোগে দিয়া হ’ল বোমা আক্ৰমণৰ ভাবুকি। এক অচিনাক্ত কন্ঠই ফোন যোগে পুনেত থকা গুগলৰ কাৰ্যালয়ত বোমা স্থাপন কৰা হৈছে বুলি ভাবুকি দিয়ে।

ইয়াৰ পাছতে কাৰ্যালয়টোত কৰ্মৰত বিষয়া- কৰ্মচাৰীৰ মাজত হুৱাদুৱা লাগে ৷ সকলোৱে ততাতৈয়াকৈ কাৰ্যালয় ত্যাগ কৰে ৷ আনহাতে পুনে আৰক্ষী কাৰ্যালয় ভৱনটোত উপস্থিত হৈ সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰে ৷

প্ৰাপ্ত খবৰ মতে পুনেৰ মুন্ধৱা অঞ্চলৰ কে’বা মহলীয়া সুউচ্চ মাৰ্কেটিং কমপ্লেক্সটোৰ বম ১১ নং মহলাত অৱস্থিত কাৰ্যালয়টোলৈ গভীৰ নিশা অচিন লোকে ফোন কৰি জনাই যে, কাৰ্যালয় চৌহদত বোমা ৰখা বুলি ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে তদন্ত কৰি নিশ্চিত কৰে যে ভাবুকি ভৰা ফোনকল কেৱল ভয় খুৱাবলৈ কৰা ভুৱা বুলি প্ৰমাণিত হয়। আনকি ফোন কৰাৰ সময়ত ফোন কৰা লোকজন সুৰামত্ত হৈ আছিল ৷

পুনে আৰক্ষীয়ে ফোন নম্বৰ ট্ৰেক কৰি লোকজনক হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰি ৰজু কৰিছে এটি গোচৰ ৷ আনহাতে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

Exit mobile version