Inflation : তিনি মাহৰ সৰ্বোচ্চ খুচুৰা মুদ্রাস্ফীতি জানুৱাৰীত ৬.৫২ শতাংশলৈ বৃদ্ধি

b0b564a8 retail

Inflation :

দেশত খুচুৰা মুদ্রাস্ফীতিয়ে আকৌ এবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উচ্চসীমা লংঘন কৰিলে। যোৱা জানুৱাৰীত দেশৰ খুচুৰা মুদ্রাস্ফীতি ৬.৫২ শতাংশলৈ বৃদ্ধি পালে৷

বিগত তিনি মাহৰ পাছত দেশত সৰ্বোচ্চ হ’ল খুচুৰা মুদ্রাস্ফীতিৰ হাৰ। প্ৰধানত দেশত খাদ্যশস্য আৰু প্ৰটিন জাতীয় খাদ্যৰ মূল্যবৃদ্ধি হৈছে।

ইয়াৰ ফলতে খুচুৰা বজাৰত বিভিন্ন সামগ্ৰী মূল্য বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে যোৱা অক্টোবৰত দেশত খুচুৰা বজাৰত সামগ্ৰীৰ মূল্য সর্বাধিক ৬.৭৭ শতাংশলৈ বৃদ্ধি পাইছিল।

দেশত কেৱল যোৱা নৱেম্বৰ আৰু ডিচেম্বৰত খুচুৰা মূল্যবৃদ্ধি কিছু হ্ৰাস পাইছিল।

Exit mobile version