Job : ডাক বিভাগত চাকৰি বিচাৰিছে নেকি ? পঢ়ক এই প্ৰতিবেদন

post office 1661595459

Job :

আপুনি চৰকাৰী চাকৰিৰ সন্ধান কৰিছে নেকি? তেন্তে আপোনাৰ বাবে সুখবৰ! ভাৰতীয় ডাক বিভাগত নিযুক্তিৰ বাবে সম্প্ৰতি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি, ডাক বিভাগে ৪০,৮৮৯টা গ্রামীণ ডাক সেৱক আৰু জিডিএছ পদত প্রার্থীক নিযুক্তি দিব। অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্রার্থীয়ে আবেদন দাখিল কৰিব লাগিব। আগ্রহী প্রার্থীয়ে ইণ্ডিয়া প’ষ্টৰ ৱেবছাইট indiapostgdonline.gov.in ভিজিট কৰি আবেদন কৰিব লাগিব।

প্ৰাৰ্থীৰ বয়স : আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

শিক্ষাগত অৰ্হতা : ১। প্রার্থী স্বীকৃতিপ্রাপ্ত ব’র্ড বা প্ৰতিষ্ঠানৰ পৰা গণিত আৰু ইংৰাজী বাধ্যতামূলক বিষয়সহ দশম শ্রেণী উত্তীৰ্ণ হ’ব লাগিব।

২। আবেদনকাৰীয়ে আঞ্চলিক ভাষা বাধ্যতামূলক বা ঐচ্ছিকভাৱে অধ্যয়ন কৰা হ’ব লাগিব

নির্বাচন প্রক্রিয়া : প্ৰাৰ্থীক মেধা তালিকাৰ আধাৰত নির্বাচন কৰা হ’ব। দশম শ্রেণীৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ আধাৰত মেধা তালিকা যুগুত কৰা হ’ব। নিৰ্বাচনৰ বাবে বিবেচিত হোৱা প্ৰাৰ্থীয়ে অৱশ্যে সংশ্লিষ্ট অনুমোদিত ব’ৰ্ডৰ নিয়ম অনুসৰি সকলো বিষয়ত উত্তীৰ্ণ হ’ব লাগিব।

আবেদন মাচুল : বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি,আবেদনপত্ৰৰ স’তে প্ৰাৰ্থীয়ে ১০০ টকাৰ মাচুল জমা দিব লাগিব। অৱশ্যে মহিলা প্রার্থী, অনুসূচিত জাতি-জনজাতি, পিডব্লিউডি আৰু ট্রান্সজেণ্ডাৰ প্ৰাৰ্থীয়ে আবেদন মাচুল জমা দিব নালাগে।

কেনেকৈ আবেদন কৰিব : প্ৰাৰ্থীয়ে প্রথমে ইণ্ডিয়া প’ষ্টৰ ৱেবছাইট indiapostgdonline.gov.in ভিজিট কৰিব লাগিব৷ এতিয়া হোমপেজত ইণ্ডিয়া প’ষ্ট জিডিএছ নিয়োগৰ বাবে ৰেজিষ্ট্ৰেচন লিংকত ক্লিক কৰক। এইবাৰ প্ৰাৰ্থীয়ে নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে লগইন কৰি আবেদনপত্র অনলাইনত পূৰ্ণ কৰিব লাগিব। ইয়াৰ পাছত প্ৰয়োজনীয় নথিপত্ৰ ৱেবছাইটত আপলোড কৰিব লাগিব আৰু লগতে প্রযোজ্য হ’লে ১০০ টকাৰ মাচুল অনলাইনত জমা দিব লাগিব। আবেদনপত্র ছাবমিট কৰি ইয়াৰ এটা কপি প্ৰিণ্ট কৰি ভৱিষ্যত ৰ প্ৰয়োজনৰ বাবে নিজৰ লগত ৰাখক।

Exit mobile version