Mba Chaiwala Buys A Mercedes Benz :চাহ বিক্রেতাই ক্ৰয় কৰিলে মাৰ্চিডিজৰ বিলাসী গাড়ী

WhatsApp Image 2023 02 15 at 14.09.55

Mba Chaiwala Buys A Mercedes Benz :

ব্যৱসায় ডাঙৰে হওক বা সৰুৱেই হওক, যদিহে পৰিশ্ৰম কৰি ভালদৰে মনোনিৱেশ কৰা হয়, তেন্তে সেই ব্যৱসায়ত মুনাফা বৃদ্ধি পোৱাটো স্বাভাৱিক।

ভাৰতত চাহ বিক্রেতা এজনক সাধাৰণতে অতি ক্ষুদ্র ব্যৱসায়ী বুলি গণ্য কৰা হয়। কিন্তু চাহৰ ব্যৱসায় কৰি এজন ব্যক্তিয়ে ভাৰতত মাৰ্চিডিজৰ দৰে বিলাসী গাড়ী ক্রয় কৰাৰ কথা কল্পনা কৰিব পাৰিবনে?

হয়, বাস্তৱত এই ঘটনা সংঘটিত হ’ল আহমেদাবাদত। দৰাচলতে চাহ বিক্ৰী কৰি জনপ্রিয়তা অর্জন কৰা প্রফুল্ল বিল্লুৰে নিজৰ বাবে এক কোটি টকা ব্যয়ৰে ক্ৰয় কৰিলে মাৰ্চিডিজ গাড়ী।

প্রফুল্লক এলাহাবাদত ‘এমবিএ চাইৱালা’ নামৰে চাহ প্ৰেমীসকলে চিনি পায়। এমবিএ সম্পূর্ণ নকৰাকৈ ২০১৭ত প্ৰফুল্লই ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট আহমেদাবাদৰ বাহিৰত এখন চাহৰ দোকান আৰম্ভ কৰিছিল।

সম্প্রতি প্রফুল্লই ‘এমবিএ চাইৱালা’ৰ দেশজুৰি শতাধিক বিপণী আছে। অলপতে প্রফুল্লই এক কোটি টকাৰে মাৰ্চিডিজ বেঞ্জ জিএলই ৩০০ ডি মডেলৰ গাড়ী ক্রয় কৰিলে।

ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰফুল্লই চাহৰ ব্যৱসায় কৰি মাৰ্চিডিজ ক্ৰয়ৰ এই অসম্ভৱ স্বপ্ন বাস্তৱত ৰূপায়িত কৰাৰ কথা সদৰী কৰিছে।

Exit mobile version