Bura Chapori Eviction Third Day : বুঢ়াচাপৰি অভয়াৰণ্যত তৃতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান

উচ্ছেদত বাধা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ

a4ddbe4e fc98 4b73 8088 dc191302d34f

Bura Chapori Eviction Third Day :

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মঙলবাৰৰ পৰা অব্যাহত থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনাও নগাওঁ আৰু শোণিতপুৰ জিলা প্ৰশাসনে পুৱাৰে পৰা আৰম্ভ কৰে। যোৱা দুদিনৰ অভিযানত বেদখলকাৰী কবলৰ বেদখলমুক্ত কৰে প্ৰায় ৬৭০০ বিঘা ভূমি ৷

আনহাতে আজি পুৱাৰে পৰা বৃহৎ সংখ্যক আৰক্ষী- চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সূতিৰপাৰৰ চিতলমাৰী পথাৰত উচ্ছেদ চলাই বেদখলমুক্ত কৰে প্ৰায় এহেজাৰ বিঘা ভূমি ৷

উল্লেখ্য যে উচ্ছেদ অভিযান চলি থকাৰ সময়ত সেই স্থানত উপস্থিত হয় ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ৷ বিধায়ক গৰাকীয়ে উচ্ছেদৰ বিৰুদ্ধে সোচ্ছাৰ হৈ কয়,উচ্ছেদ কৰা স্থানটো তেওঁ সমষ্টিৰ অন্তৰ্গত সুঁতিৰপাৰ পঞ্চায়তৰ এলেকাধীন এটা ৱাৰ্ডৰ ৷

দণ্ডাধীশৰ অনুপস্থিতিত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰা বুলি অভিযোগ কৰি এই কাৰ্য আইন বহিভূত বুলি উল্লেখ কৰি উচ্ছেদত বাধা প্ৰদান কৰে বিধায়ক হুদাই ৷

যাৰবাবে কিছুসময় ধৰি বন্ধ থাকে উচ্ছেদ অভিযান ৷ অৱশ্যে পাছত শান্তিপূৰ্ণভাৱে অব্যাহত থাকে অভিযান ৷ আনহাতে ৰূপহীহাটৰ বিধায়ক গৰাকী কিছসময় থাকি পাছত উচ্ছেদস্থলী ত্যাগ কৰে ৷

Exit mobile version