DGP G P Singh : অপৰাধ ৰোধ আৰু পুৰণি গোচৰ নিষ্পত্তি খৰটকীয়া কৰিবলৈ নিৰ্দেশ ডি জি পিৰ

থানাৰ তথ্যপাতি ডিজিটেলাইজ কৰি তিনি মাহৰ ভিতৰত সম্পূৰ্ণৰ নিৰ্দেশ

WhatsApp Image 2023 02 16 at 12.43.13

DGP G P Singh:

ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ তথা গোচৰ নিষ্পত্তি বাবে শেহতীয়াকৈ অসম আৰক্ষীত নতুনকৈ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক( অপৰাধ) ৰ স’তে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক বৈঠকত মিলিত হয় ৷

বৈঠকতে বহুদিনৰ পৰা থানা সমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ তদন্ত ক্ষিপ্ৰতাৰে কৰিবলৈ জিলা আৰক্ষী আধীক্ষক সকললৈ নিৰ্দেশ দিয়ে সঞ্চালক প্ৰধান গৰাকীয়ে ৷

একেদৰে থানা সমূহত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰ সমূহ তৎকালীনভাৱে তদন্ত কৰি কেনেদৰে ক্ষীপ্ৰতাৰে চাৰ্জশ্বীট দাখিল কৰিব পাৰি তাৰ ওপৰতো বিষদভাৱে আলোচনা কৰা হয় বৈঠক খনিত ৷

এতিয়াৰ পৰা থানা সমূহত গোচৰৰ সংখ্যা হ্ৰাস কৰা,গোচৰ পঞ্জীয়ন ডিজিটেল চিষ্টেম কৰা আৰু গোচৰৰ ক্ষেত্ৰত চৰকাৰী অধিবক্তাক যথাযথভাৱে থানা সমূহে সহায় কৰাৰ লগতে অভিযুক্তক দোষী সাব্যস্তকৰণৰ বাবে সাক্ষীৰ উপস্থিতি নিশ্চিতৰ বাবে এছ পি সকলক নিৰ্দেশ দিয়ে জি পি সিঙে ৷

বিশেষকৈ ৰাজ্যৰ থানাসমূহত বহু বছৰৰ পৰা নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহ কম সময়ৰ ভিতৰত তদন্ত কৰি চাৰ্জশ্বীট দিব পাৰি তাৰ ওপৰত পৰ্যালোচনা কৰে ৷

জিলাসমূহত অপৰাধজনিত ঘটনা নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰা, গোচৰ পঞ্জীয়ন, বিচাৰ প্ৰক্ৰিয়াত লোক অধিবক্তাক যথাযথ সহযোগিতা প্ৰদান কৰাৰ লগতে আদালতত অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বাবে সাক্ষীৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলাসমূহৰ আৰক্ষীক নিৰ্দেশ দিয়ে ডিজিপি জিপি সিঙে ৷

আনহাতে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক আৰু উপ-মহাপৰিদৰ্শকৰ মাণ্ডলিক কাৰ্যালয়ত প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠক ৷

একেদৰে গুৱাহাটীস্থ চি আই ডি মুখ্য কাৰ্যালয়ত মহানগৰ আৰক্ষী আৰু পুলিচ হেড কোৱাৰ্টাৰে যুটীয়াভাৱে বৈঠকত মিলিত হ’ব ৷বৈঠকত দীৰ্ঘদিনৰ পৰা তদন্তবিহীন ভাৱে পৰি থকা গোচৰ সমূহ নিৰীক্ষণ,সন্ধানহীন লোকৰ গোচৰ সমহ তৎকালীনভাৱে কৰাৰ লগতে তদন্তত বিজ্ঞানসন্মত ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিবলৈ যাবতীয় নিৰ্দেশনা দিয়ে ডি জি পি গৰাকীয়ে ৷

উল্লেখ্য যে যিবোৰ জিলাই গোচৰৰ তদন্ত ক্ষীপ্ৰতাৰে কৰাৰ ক্ষেত্ৰত গাফিলতি কৰে তাৰ জবাবদিহি হ’ব লাগিব বুলি সতৰ্ক কৰি দিয়ে জি পি সিঙে ৷

আনহাতে অপৰাধ ৰোধৰ ক্ষেত্ৰত গ্ৰামাঞ্চল সমূহত গাঁওৰক্ষী বাহিনীৰ জৰিয়তে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ডিজিটেলাইজ কৰিবলৈ আহ্বান জনাই ডিজি পি গৰাকীয়ে প্ৰত্যেক খোলা দিনত জিলাৰ আৰক্ষী অধীক্ষক সকলে নিজ নিজ কাৰ্যালয়ত দুঘণ্টাৰ বাবে আৰক্ষী দৰবাৰ অনুষ্ঠিত কৰি ৰাইজৰ পৰা পোনপটীয়াকৈ ওজৰ-আপত্তি গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে ৷

Exit mobile version