Lakhimpur : লখিমপুৰৰ ৰাজ পথত আশা কৰ্মীৰ উত্তাল প্ৰতিবাদ

fcadb05f 5f7d 495f ace1 cf6714fe2317

Lakhimpur :

বিগত ১৫ টা বছৰে কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য মিছনটোৰ বুনিয়াদ হিচাপে আশাকৰ্মীসকলে ত্যাগ নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত অসমত আজি গর্ভবর্তী মাতৃ আৰু শিশুৰ মৃত্যৰ হাৰ কমাৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰো কমিছে।

এই ক্ষেত্ৰত তৃর্ণমূল কর্মীসকলক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিবেচনাৰ ভাসামা হেৰুৱাই নুন্যতম পাৰিতোষিকৰ ওপৰত আজি ৭৫টা কাম জাপি দিয়া হৈছে।

এই ক্ষেত্ৰত আমি ভাবো, অভিভাৱক হিচাপে সন্তানৰ প্ৰতি থকা দায়িত্ব, মৰম-স্নেহ অটুট ৰাখি তৃণমূলকর্মীসকলক মিছনটোৰ মেৰুদণ্ড স্বৰূপে সন্মান আৰু উপযুক্ত মজুৰি দি মাহী আইৰ ভাবনুর্তি পৰিহাৰ কৰক।

কৰ’ণা কালত কেৱল কামৰ বাহঃ বাহঃ দি হেলিকপ্টাৰেৰে ফুল ছটিয়ালে আশাকৰ্মীৰ পেটৰ ভোক নুগুছাৰ বিষয়ে দৃষ্টিগোচৰ কৰি আশাকৰ্মীসকলক উপযুক্ত মজুৰি মাহিলী কমেও ১৫,০০০ টকা দিয়াৰ ব্যৱস্থা কৰা, আশাকৰ্মীসকলৰ চাকৰী স্থায়ীকৰণৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ হেতু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা,২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈকে অনাদায় হৈ থকা ধনৰাশি অতি শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰা,২০১২-১৩ বৰ্ষৰ প্ৰতিগৰাকী আশাকৰ্মীৰ এলেকাত অনাময় সমিতিত প্ৰদান কৰা ১৫,০০০ হেজাৰ টকাটো সম্পুৰ্ণকৈ প্ৰদান কৰা,অসম চৰকাৰৰ পৰা দিয়া ১০০০ টকা মাননী প্রতি মাহে দিয়াৰ ব্যৱস্থা কৰা,৬০ বছৰ বয়সৰ উৰ্দ্ধত কাম কৰি থকা আশাকৰ্মীসকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰা,অসম প্ৰতি গৰাকী আশাকৰ্মীক স্কুটী দিয়াৰ লগতে এগুণ্ড্ৰয়ম ম’বাইল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, ২৪-০৩-২০২১ তাৰিখে অসম চৰকাৰে আশাকৰ্মীসকলক পুনৰ ০১-০৪-২০২২ তাৰিখৰ পৰা ১০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি তথা সিদ্ধান্ত কার্যকৰী কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

Exit mobile version