Samaguri Accident : চামগুৰি আমনিত ভয়ংকৰ পথ দূৰ্ঘটনা,

থিতাতে নিহত এজন

images 6

Samaguri Accident :

পথ পাৰ হওঁতেই মহতীয়াই নিলে এজন লোকক। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় নগাঁৱৰ চামগুৰিৰ আমনিৰ ৰাষ্ট্ৰীয় ঘাই পথত

দূৰ্ঘটনা সংঘটিত কৰি বাহন খন ঘটনা স্থানৰ পৰা পলাই যায়। দূৰ্ঘটনাটোত মৃত্যু হোৱা লোক জন গুৱাহাটীৰ পৰা ডিব্ৰুগড় লৈ গৈ আছিল ৷

আমনি নীলকণ্ঠ হোটেলত ভাত খাই ৰাস্তা পাৰ হওঁতেই দ্ৰুতগতি বাঁহনে এখনে মহতীয়াই নিয়ে লোক জনক। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হৈছে এএছ ০৬কিউ৫৩৩৩ ৷

আনহাতে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটি জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ একেদৰে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version