Tiger :
একেলগে ১২ টা চিতা (Cheetah) আহিব ভাৰতলৈ । বৃহস্পতিবাৰে, ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখন দক্ষিণ আফ্ৰিকা (South Africa) লৈ ৰাওনা হয়।
শনিবাৰে ভাৰতত উপস্থিত হ’ব চিতা বাঘকেইটা । পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জনাইছে যে কুনো (Kuno) ৰাষ্ট্ৰীয় উদ্যানত চিতা কেইটাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। প্ৰসংগত, বিগত বছৰ, নামিবিয়াৰ পৰা আঠটা চিতা ভাৰতলৈ অনা হৈছিল।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনাইছে, “দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ বাৰটা চিতা অনা হ’ব। নতুনকৈ ১২ টা চিতা অনাৰ বিষয়ে এখন বিশেষ বৈঠকও আহ্বান কৰা হৈছে। “
তথ্য অনুসৰি, এই ১২ টা চিতাই শুক্ৰবাৰে আবেলি দক্ষিণ আফ্ৰিকাৰ পৰা যাত্ৰা আৰম্ভ কৰিব। চি-১৭ বিমানখন শনিবাৰে গোৱালিয়ৰৰ বায়ু সেনা ঘাটিত অৱতৰণ কৰিব।
তাৰ পাছত তেওঁলোকক বায়ু সেনাৰ এখন বিশেষ হেলিকপ্টাৰত মধ্য প্ৰদেশলৈ লৈ যোৱা হ’ব। ইতিমধ্যে কুনোত ১০ টা সংৰক্ষণ বেষ্টনী তৈয়াৰ কৰা হৈছে। তাত ৰখা হ’ব ১২ টা চিতা বাঘ ।
নামিবিয়াৰ পৰা অনা আঠটা চিতাকো কুনোৰ উদ্যানত ৰখা হৈছে। নতুন চিতা বাঘকো তাতে ৰখা হ’ব। ভাৰতে জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ স’তে এক চুক্তি স্বাক্ষৰ কৰিছিল।
অহা ১০ বছৰত ভাৰতলৈ ১০০ তকৈও অধিক চিতা প্ৰেৰণ কৰা হ’ব। ১৯৫২ চনত, চিতা ভাৰতৰ পৰা বিলুপ্ত হৈ যায়। শেহতীয়াকৈ, দেশত চিতাক ঘূৰাই অনাত উদ্যোগী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।






























