Actress Jupitora Bhuyan Joins Tmc :অভিনেত্ৰী জুপিতৰা ভূঞাৰ অসম তৃণমূল কংগ্ৰেছত যোগদান

WhatsApp Image 2023 02 17 at 17.03.25

Actress Jupitora Bhuyan Joins Tmc :

অভিনেত্ৰী জুপিতৰা ভূঞাই আজি সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অভিনেত্ৰী গৰাকীক সভাপতি ৰিপুণ বৰাই দললৈ আদৰণি জনায়।

যোগদান সভাত জুপিতৰা ভূঞাই আগন্তুক সময়ত সকলোৰে সহযোগিতাৰে দলীয় মঞ্চৰ পৰা ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰে ।

আনহাতে সভাপতি ৰিপুণ বৰাই অভিনেত্ৰী জুপিতৰা ভূঞাৰ যোগদানে দলটোক আগন্তুক সময়ত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰে প্ৰকাশ কৰে।

যোগদান সভাত দলৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমান্য়ু, মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, কোষাধ্যক্ষ ঘনকান্ত চুতীয়া, সাংগঠনিক সম্পাদক অৰূপ জ্যোতি ভূঞাকে ধৰি ভালেসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে।

 

Exit mobile version