Coal Syndicate in Assam : কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু মানৱ অধিকাৰ আয়োগৰলৈ স্মাৰক পত্ৰ অসম জাতীয় পৰিষদৰ  

WhatsApp Image 2023 02 17 at 18.53.35

Coal Syndicate in Assam :

অসমত ব্যাপক হাৰত চলা অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰাজৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীৰে অসম জাতীয় পৰিষদে ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাজসভাৰ বিৰোধী দলপতি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷

দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে আজি এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে ৷ দলৰ সম্পাদক অমৃত খাটনীয়াৰৰ উপস্থিতিত আয়োজিত সংবাদ মেলত ৰহমানে কয় যে অসমৰ তিনিচুকীয়া, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ভাৰতৰ উচ্চতম ন্যায়ালয় নিৰ্দেশ আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ প্ৰতিবন্ধকতাক আওকান কৰি ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে ব্যাপক হাৰত কয়লাৰ অবৈধ খনন অব্যাহত আছে৷ উক্ত কয়লাৰ অবৈধ মজুতকৰণ, পৰিবহণ আৰু অবৈধ ধনৰ লেন-দেন তথা সৰবৰাহ সমান্তৰালভাৱে অব্যাহত আছে ৷

উক্ত অবৈধ কামসমূহ ক’ত কেনেদৰে অব্যাহত আছে আৰু তাৰ সৈতে কোন কোন ব্যক্তি জড়িত হৈ আছে, তাৰ বিস্তৃত তথ্য সদৰী কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ইতিপূৰ্বে দুখনকৈ সংবাদ মেল সম্বোধন কৰি বিষয়টো চৰকাৰৰ লগতে ৰাইজক অৱগত কৰিছিল ৷

কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ আনকি ‘ৰেট হোল মাইনিং’ চলি থকা টিৰাপ, লিডু আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলত অকর্তৃশীল ব্যক্তিৰ প্ৰৱেশ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত সেই ঠাইসমূহ ভ্ৰমণৰ বাবে দলে বিচৰা অনুমতিও তিনিচুকীয়া জিলা প্ৰশাসনে দিয়া নাই ৷

সেয়ে অৱশেষত দলে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীসহ উল্লিখিত কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰকেইখন প্ৰেৰণ কৰে ৷

Exit mobile version