Young Woman Arrested For Cheating :মহানগৰীত সুন্দৰী যুৱতীৰ প্ৰৱঞ্চনা !

সৰ্বস্বান্ত কে'বাজনো লোক,অৱশেষত আৰক্ষী জালত সুন্দৰী যুৱতী সহ দুজন

WhatsApp Image 2023 02 17 at 13.22.32

Young Woman Arrested For Cheating :

সুন্দৰী যুৱতী দেখিলেই জালত নপৰিব ৷ নহ’লে হ’ব পাৰে সৰ্বস্বান্ত ৷ কিয়নো মহানগৰীত একাংশ সুন্দৰী যুৱতীয়ে শেহতীয়াকৈ প্ৰৱঞ্চনাৰ জাল পেলাই বহুতকে কৰি আহিছে সৰ্বস্বান্ত ৷

ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি কৈ নানান কথাৰে প্ৰলোভিত কৰি বহুজনৰ ধন সৰকাই অহা চক্ৰ এটাক আটক কৰিবলৈ সক্ষম হয় ভঙাগড় আৰক্ষী ৷

আৰক্ষীৰ জালত পৰা সুন্দৰী যুৱতী গৰাকী হ’ল ৰিহাবাৰীৰ নিকীতা তিয়াৰী আৰু গীতা নগৰৰ জ্যোতিষ্মান লহকৰ ৷আনটো প্ৰৱঞ্চক হ’ল নাগালেণ্ডৰ ৰাজেশ মণ্ডল।

আৰক্ষীয়ে প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ পাই গোপন সূত্ৰৰ পম খেদি ওদালবাক্রাক অভিযান চলাই তিনিওকে আটক কৰে ৷ অধিক তথ্যৰ বাবে ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version