Artificial food colors : শৰীৰৰ বাবে বিৰাট ক্ষতিকাৰক খাদ্যৰ কৃত্ৰিম ৰং !

ভয়ানক বিপদৰ কথা সদৰী কৰিলে গৱেষক

images 2 1

Artificial food colors :

খাদ্যক ধুনীয়া তথা আকর্ষণীয় কৰাৰ বাবে তাত ৰং মিহলোৱা কাৰ্য অতি পৰিচিত। অথচ এই ৰঙেই শৰীৰৰ বাবে ভয়ানক বিপদ মাতি আনিব পাৰে।

ADVERTISEMENT

এনে কৃত্রিম ৰঙৰ পৰা হ’ব পাৰে শৰীৰৰ ডাঙৰ ক্ষতি। সম্প্ৰতি এক গৱেষণাত এনে এক আশংকাৰ তথ্যই পোহৰলৈ আহিছে। গৱেষকসকলে দাবী কৰে যে সততে খাদ্যত ৰং আনিবলৈ আৰু কে’ক তৈয়াৰ কৰিবলৈ ব্যৱহৃত হোৱা মেটাল অক্সাইড নেন’ পার্টিকল্‌ছে বিংহামটন মানৱ শৰীৰত অস্ত্ৰৰ ডাঙৰ ক্ষতিসাধন কৰিব পাৰে।

আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই জনাইছে যে এই বিষয়ত গৱেষণা চলাই তেওঁলোকে এই কথা জানিব পাৰিছে। অন্যতম গৱেষক এলাড টাকোৱে কয়, “টাইটেনিয়াম ডাই অক্সাইড আৰু চিলিকন ডাই অক্সাইডৰ দৰে নেন পার্টিকল, যিখাদ্যত ৰং দিবলৈ আৰু কে’ক প্রস্তুতত ব্যৱহাৰ হয়, সেইবোৰে মানুহৰ ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ ক্ষতি কৰে।’

প্রাপ্ত তথ্য তথ্য অনুসৰি, গৱেষকসকলে টাকো গৱেষণাগাৰত মানৱ শৰীৰত টাইটেনিয়াম ডাই অক্সাইড আৰু চিলিকন ডাই অক্সাইড প্রয়োগ কৰি কি বিক্রিয়া হয় চাইছিল।

আনকি বিজ্ঞানীসকলে মুৰ্গীৰ কণীত নেন’ পার্টিকল ইঞ্জেকচন দিও পৰীক্ষা কৰি চাইছে। দেখা গৈছে যে তেনে কণীৰ পৰা হোৱা মুৰ্গীৰ অস্ত্ৰ আৰু তেজত অত্যন্ত বেয়া প্ৰভাৱ পৰিছে।

এই প্ৰসংগত গৱেষকসকলে জনায় যে এই উপাদান দৈনিক অলপকৈ মিহলোৱা হৈছিল। অৱশ্যে এই ধৰণৰ ৰঙে শৰীৰত দীর্ঘকালীন হিচাপে আৰু কি ক্ষতি কৰিব পাৰে সেয়া এই পর্যন্ত জানিব পৰা নাই।

এই গৱেষণা অব্যাহত ৰাখিলে আগন্তুক দিনত এই বিষয়ত অধিক তথ্য হাতলৈ আহিব আহিব বুলি অলপ তেওঁলোকে আশা ৰাখিছে। অৱশ্যে এতিয়াই এই উপাদান খাদ্যত ব্যৱহাৰ নিষেধ কৰিবলৈ তেওঁলোকে বাৰণ কৰিছে। তথাপি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বিজ্ঞানীসকলে।

Exit mobile version