Fenugreek Tea Benefits :
ভেষজ মছলাৰূপে মেথি বীজ আমাৰ সকলোৰে পৰিচিত। সেই সাধাৰণ মেথিৰো কিন্তু আপোনাৰ ওজন হ্ৰাসত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে।
কেৱল ওজন কমোৱাৰ ক্ষেত্ৰতেই নহয় কোষ্ঠকাঠিন্যৰ পৰা আৰম্ভ কৰি, মধুমেহৰ দৰে ৰোগ নিয়ন্ত্ৰণত ৰোগ ৰাখিবলৈকো মেথি অত্যন্ত কার্যকৰী। এই ক্ষেত্ৰত মেথি চাহে আপোনাৰ শৰীৰৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। মেথি চাহু তৈয়াৰৰ পদ্ধতি
→ ডেৰ কাপ উতলা গৰম পানীত সেই গুড়িখিনি মিহলাব।
→ তাত এচামুচ মৌ মিহলাব পাৰে। ইচ্ছা কৰিলে তাত চাহপাত বা তুলসীৰ পাতো মিহলাৰ পাৰে।
→ সকলোবোৰ উপকৰণ একেলগে পাঁচ মিনিটমান উতলাব।
→ এইবাৰ ছেকি লৈ সামান্য ঠাণ্ডা কৰি মেথি চাহত চুমুক দিয়ক।
মেথি চাহৰ উপকাৰিতা
→ এচিডিটী বা হজমৰ যাৱতীয় সমস্যা সহজে নিয়ন্ত্ৰণত ৰাখিবলৈ মেথি চাহে সাহায্য কৰে। ইয়াৰ উপৰি মেথিত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ, যি পেট পৰিষ্কাৰ কৰি ৰখাৰ সমান্তৰালকৈ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰত ৰখাটো সহায় কৰে।
→ প্রতিদিনে পুৱা খালী পেটত মেথি চাহ পান কৰিব পাৰিলে কলেষ্টেৰল নিয়ন্ত্রণত থাকে। ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যও ভালে থাকে। হ্রাস পায় হার্ট এটেকৰ আশংকা।