Leopard Attack : মন্দিৰলৈ যোৱাৰ পথত বিপদ ! চিতাবাঘৰ আক্ৰমণত প্ৰাণ গ’ল কিশোৰীৰ

1676704830 leopard

Leopard Attack :

চিতাবাঘৰ আক্ৰমণত মৃত্যু হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী । মাতৃৰ স’তে মন্দিৰলৈ বুলি যোৱাৰ পথতে সংঘটিত হয় এই ঘটনা । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বিজনৌৰত । শনিবাৰে ঘটনাটোৰ কথা জনাইছে আৰক্ষীয়ে।

শুক্ৰবাৰে সন্ধিয়া মাকৰ স’তে মন্দিৰলৈ গৈছিল অদিতি নামৰ কিশোৰীগৰাকী । সেই সময়ত, এটা চিতাবাঘে তাইক আক্ৰমণ কৰে ।

চিতাবাঘটো দেখি কিশোৰীগৰাকী আৰু তাইৰ মাকে চিঞৰি উঠিল। তাৰ পাছত, ঘটনাস্থলীত গৈ উপস্থিত হয় স্থানীয় ৰাইজ । ইয়াৰ পাছতে বাঘটো সেই স্থানৰ পৰা পলায়ন কৰে । এই কথা জনাই চাৰ্কোল অফিচাৰ সংগ্ৰাম সিঙে ।

গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ততাতৈয়াকৈ কিশোৰীগৰাকীক এখন স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । পাছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰীগৰাকী ছোটা কিৰাটপুৰ গাঁৱৰ বাসিন্দা আছিল। চিতা বাঘৰ আক্ৰমণত প্ৰাণহানিৰ ঘটনাই এতিয়া অঞ্চলটোত আতংক সৃষ্টি কৰিছে।

Exit mobile version