Twitter : বন্ধ হ’ল দিল্লী-মুম্বাইৰ কার্যালয়, কৰ্মীক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ টুইটাৰৰ

download 3

Twitter :

দিল্লী আৰু মুম্বাইৰ টুইটাৰৰ কাৰ্যালয় বন্ধ কৰা হ’ল। প্ৰকাশিত বাতৰি অনুসৰি, দুই চহৰত কাৰ্যালয় বন্ধ কৰি কৰ্মীসকলক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিলে টুইটাৰে।

ভাৰতত টুইটাৰৰ তিনিটা কাৰ্যালয় আছে আৰু ইয়াৰে দুটা বন্ধ কৰি সম্প্ৰতি মাইক্ৰ’ ব্লগিং ছাইটটোৱে বাংগালুৰুৰ কার্যালয় খোলা ৰাখিছে।

অৱশ্যে এই প্ৰসংগত প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিকভাৱে বৰ্তমানলৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই। বিগত কে’বা বছৰ ধৰি টুইটাৰে ভাৰতত বিশেষ জনপ্রিয়তা লাভ কৰিছে আৰু এনে পৰিস্থিতিত প্ৰতিষ্ঠানটোৱে দিল্লী আৰু মুম্বাইৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত তাৎপর্যপূর্ণ বিবেচিত হৈছে। এলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পাছৰে পৰা প্ৰতিষ্ঠানটোৰ বিভিন্ন সালসলনি অব্যাহত ৰাখিছে।

Exit mobile version