Higher Secondary Final Examination:সোমবাৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

অন্ত পৰিব ২০ মাৰ্চত

WhatsApp Image 2023 02 19 at 20.26.36

Higher Secondary Final Examination:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই সোমবাৰৰ পৰা ২০ মাৰ্চলৈ ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ৷

ৰাজ্য খনৰ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা ৷ প্ৰথমবাৰৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,৪,৮৬৯ পৰীক্ষাৰ্থী ৷

চূড়ান্ত পৰীক্ষাত কলা শাখাত ২,৭২,৫২৯, বিজ্ঞান শাখাত ৪৭,৪৮৫, বাণিজ্য শাখাত ২০,৯০৭ আৰু বৃত্তিগত শাখাত অৱতীৰ্ণ হ’ব ১,৯৪৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷

ইফালে, পৰীক্ষা সুচাৰুভাৱে সম্পন্ন কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰিছে ৷ ৰাজ্যৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ শিক্ষা সংসদে প্ৰেৰণ কৰিছে পৰীক্ষাৰ উত্তৰ বহী

পৰীক্ষাৰ বিধি অনুসৰি পূৰ্বৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ কৰা হৈছে ম’বাইল, ইলেক্ট্রনিক ঘড়ী, কেলকুলেটকে ধৰি ইলেক্ট্রনিক সামগ্রী।

একেদৰে পৰীক্ষা চলি থকা সময়ছোৱাত পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা বলবৎ কৰা হ’ব বুলি সদৰি কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে ৷

মনকৰিবলগীয়া যে এইবাৰ পৰীক্ষাৰ্থীসকলক প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্তভাৱে ১০ মিনিট সময় দিয়া হ’ব বুলি উল্লেখ কৰে পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে ৷

Exit mobile version