Majoli : মাজুলীৰ জেংৰাইমুখত নিশা উত্তপ্ত পৰিস্থিতি

স্থানীয় লোক আৰু আৰক্ষীৰে সংঘাত, শূণ্যলৈ গুলীচালনা আৰক্ষীৰ

WhatsApp Image 2023 02 19 at 13.46.45

Majoli :

শিৱ পূজাৰ আনন্দ উছাহৰ মাজতে শুক্ৰবাৰে নিশা মাজুলীৰ জেংৰাইমুখৰ ডাম্বুকিয়ালত সৃষ্টি হয় উত্তপ্ত এক পৰিস্থিতিৰ ।ডাম্বুকিয়ালৰ একাংশ স্থানীয় লোক আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাত |

প্ৰাপ্ত খবৰ অনুসৰি ডাম্বুকিয়াল গাঁৱৰ পৰা এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰি অনাৰ পথৰ বাধাৰ সন্মুখীন হয় গঞাৰ ৷

ইয়াকে লৈ জেংৰাইমুখ থানাৰ আৰক্ষীৰ সৈতে একাংশ লোকৰ মাজত প্ৰথমে তৰ্কাতৰ্কি পাছত হতাহতি হয় ৷ আনকি একাংশ উত্তেজিত লোকে থানাৰ অ’চি আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহন ক্ষতিসাধন কৰে ৷

উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে ৷ তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত আৰক্ষীয়ে আচামীজনক নিৰাপদে থানালৈ লৈ আনে ৷

অভিযোগ উঠা মতে একাংশ উত্তেজিত লোকে আচামীজনক দলবদ্ধ প্ৰহাৰ কৰে ৷ পাছত মুৰ্মুষ অৱস্থাত আৰক্ষীয়ে উত্তেজিত লোকৰ কবলৰ পৰা উদ্ধাৰ কৰে আচামীজনক।

Exit mobile version