Mp Queen Uja Pressmeet:২০২৩-২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত সাংসদ সাংসদ কুইন ওজাৰ সংবাদমেল

WhatsApp Image 2023 02 19 at 19.41.04

Mp Queen Uja Pressmeet :

দেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থ বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ কাৰ্যালয়ত গুৱাহাটীৰ সাংসদ কুইন ওজাই সম্বোধন কৰে এখন সংবাদমেল ৷

কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২০২৪ বৰ্ষৰ বিত্তীয় পৰিকল্পনাৰ ওপৰত আলোকপাত কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত বিভিন্ন উন্নয়ন মুলক আঁচনিৰ সমুহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ বিশ্লেষণ কৰি কুইন ওজাই কয়,২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অমৃত কালৰ দৃষ্টিভংগী উপস্থাপন কৰিছে ৷

শক্তিশালী আৰু সামগ্ৰিক অৰ্থনীতিৰ বাবে ব্লুপ্ৰিন্ট তৈয়াৰ কৰা হৈছে | চাৰিটা পৰিবৰ্তনশীল সুযোগৰ দ্বাৰা পৰিচালিত তিনিটা গুৰুত্বই অমৃত কালৰ ভেটি গঠন কৰে৷ মুলধন বিনিয়োগৰ ব্যয় ৩৩% বৃদ্ধি পাই ১০ লাখ কোটি টকা হৈছে |

জিডিপি ৪.৫% ত কাৰ্যকৰী মুলধন ব্যয়, ২৩-২৪ বৰ্ষত বিত্তীয় ঘাটি ডিজিপিৰ ৫.৯ শতাংশ বুলি অনুমান কৰা হৈছে | সাংসদ ওজাই আৰু কয়, ২০২২-২৩ বিত্তীয় বৰ্ষত ৭% বৃদ্ধি পাব প্ৰকৃত ডিজিপি৷২০২৩ বিত্তীয় বৰ্ষত ৰপ্তানি ১২.৫% বৃদ্ধি পাব৷ উচ্চ মূল্যৰ উদ্যান শস্যৰ বাবে গুণগত মানৰ ৰোপন৷ সামগ্ৰীৰ উপলদ্ধতা বৃদ্ধি বাবে ২২০০ কোটি টকাৰ ব্যয় সৈতে আত্মনিৰ্ভৰ স্বচ্ছ প্ৰকল্প কাৰ্যসূচী হাতত লোৱা হৈছে বাজেট খনৰ জৰিয়তে |

আনহাতে ১৫৭ খন নাৰ্চিং কলেজ স্থাপন কৰা হ’ব সমগ্ৰ দেশত | প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বাবে মুঠ ব্যয় ৬৬% বৃদ্ধিৰে ৭৯,০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে | ৰে’লপথৰ বাবে সৰ্বাধিক ২.৪০ লাখ কোটি টকাৰ ব্যয়ৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ আছে সদ্য উদ্থাপিত বাজেটত |

অগ্ৰাধিকাৰ খণ্ডৰ ঋণৰ নাটনিৰ পুৰণৰ বাবে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি (UIDF) গঠন কৰা হ’ব | গোবৰ্ধন আঁচনিৰ অধীনত ৫০০ টা নতুন আবৰ্জনাৰ পৰা সম্পদ” প্লান্টত মুঠ ১০ টা কাৰ্য্যকৰী হৈ উঠিছে উল্লেখ কৰে সাংসদ গৰাকীয়ে |

সংবাদমেলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আৰু বিজেপি মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসৰ লগতে ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুবজ্যোতি মৰলেও সংবাদমেল সম্বোধন কৰে ৷

Exit mobile version