Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 02 19 at 15.23.54 1

Pamohi Bhimasankar Jyotirlinga Temple Visit CM :

ভীমাশংকৰ জ্যোতিৰ্লিংগৰ বিতৰ্ক চলি থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন কৰে ৷

পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ স’তে নৈসৰ্গিক দৃশ্যৰে ভৰপুৰ ডাকিনী পাহাৰৰ মাজত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পূজা-অৰ্চনা কৰে ৷

আনহাতে ভীমাশংকৰ জ্যোতিৰ্লিংগ সন্দৰ্ভত বিতৰ্ক চলি থকাৰ মাজতে আজি এই প্ৰসংগত মুখ খুলিলে ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, ‘শিৱপুৰাণত কামৰূপৰ ভীমাশংকৰ জ্যোতিৰ্লিংগৰ কথা উল্লেখ আছে ৷ ‘কামৰূপ প্ৰদেশতে ভীমা শংকৰ মন্দিৰৰ জ্যোতিলিংগ স্থাপিত হৈছে, ভীমা শংকৰ মন্দিৰ মই স্থাপন কৰা নাই’ ৷

হাজাৰ বছৰ পূৰ্বে এই মন্দিৰ স্থাপিত হৈছিল ৷ এই সম্পৰ্কত বিতৰ্ক কৰাৰ কাৰণ নাই, সনাতনী ধৰ্ম অনুসৰি শিৱজী সকলোতে বিৰাজমান’৷

বিৰোধীয়ে ভাবিছে এই জ্যোতিৰ্লিংগতো কালি কোনোবাই বনাইছে ৷ এনে কথাৰ দ্বাৰা তেওঁলোকৰ জ্ঞানৰ পৰিসীমা কিমান তাকে পুনৰ সূচায়ছে বুলি তীৰ্থক মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version