Survivor Rescued After 278 Hours Under Flattened Building: খাদ্য-পানী অবিহনেই ধ্বংসস্তূপত আবদ্ধ ২৭৮ ঘণ্টা

WhatsApp Image 2023 02 19 at 18.14.49

Survivor Rescued After 278 Hours Under Flattened Building :

খাদ্য আৰু পানী অবিহনেই প্রচণ্ড শীতত সুদীর্ঘ ২৭৮ ঘণ্টা আবদ্ধ হৈ আছিল ধ্বংসস্তূপৰ মাজত। তথাপি মৃত্যুক দল পৰাজিত কৰিলে ছিৰিয়াৰ এজন লোকে।

ভূমিকম্পত বিধ্বস্ত দেশখনৰ এজন ৪৫ বছৰীয়া লোকক বিপর্যয়ৰ ১২ দিনৰ পাছতে জীৱন্তে উদ্ধাৰ কৰিলে দেশখনৰ বিপর্যয় মোকাবিলা বাহিনীয়ে।

হাকান য়াছিনোঙ্গু নামৰ লোকজনক ছিৰিয়াৰ সীমান্তৱৰ্তী হাতায়ে প্ৰদেশৰ পৰা উদ্ধাৰ কৰা হয়। ইতিমধ্যে লোকজনক উদ্ধাৰ কৰা মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

ফটোত দেখা গৈছে যে উদ্ধাৰকাৰী দলে লোকজনক এটা বাসগৃহৰ ধ্বংসাবশেষৰ পৰা উদ্ধাৰ কৰি ষ্ট্ৰেচাৰত তুলি নিছে। প্ৰৱল ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ সৰ্বাংগ ডাঠ জেকেটৰে ঢাকি ৰখা হৈছে। ইয়াৰ পাছত তেওঁক এম্বুলেঞ্চত উঠাই হাস্পতাললৈ লৈ যোৱা হয়।

তুৰস্ক আৰু ছিৰিয়াত এতিয়া প্রবল শীত। মাজে-মধ্যেই চলি আছে তুষাৰপাত। তাৰ মাজতে পূর্ণোদ্যমে অব্যাহত আছে উদ্ধাৰ অভিযান।

বিগত দিনসমূহত জীৱিত অৱস্থাত উদ্ধাৰ হোৱা মানুহৰ সংখ্যা অতি কম। বিগত দুটা দিনত এজন ১৪ বছৰীয়া কিশোৰসহ তিনিজনক জীৱন্তে উদ্ধাৰ কৰা হয়।

অৱশ্যে অশেষ আশাৰে উদ্ধাৰকাৰী দলে নিজৰ দায়িত্ব পালন কৰি আছে। প্রলয়ংকরী ভূমিকম্পৰ কবলত পৰি দেশ দুখনৰ প্ৰায় ৪১ হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে। আহতৰ সংখ্যাও কে’বা হেজাৰ।

Exit mobile version