Syria Attack : ছিৰিয়াত ক্ষেপণাস্ত্রৰ আক্ৰমণ , নিহত ১৫

WhatsApp Image 2023 02 20 at 13.54.15

Syria Attack :

সাম্প্ৰতিক ভূমিকম্প, উগ্ৰপন্থীৰ আক্ৰমণত বিধ্বস্ত । তাৰ পাছত, ছিৰিয়াত পুনৰ আহি পৰিল ইজৰাইলৰ ক্ষেপণাস্ত্র । তাৰ আঘাতত হুৰা হুৰে ভাঙি পৰিল অট্টালিকা । প্ৰাণ গ’ল ১৫ জন লোকৰ । দেওবাৰে নিশা দামাস্কাছত আহি পৰে ক্ষেপণাস্ত্র ।

এই দাবী কৰিছে যুদ্ধ নিৰীক্ষণ কৰা এটা সংগঠনে (ৱাৰ মনিটৰ) । লক্ষণীয় যে যি অঞ্চলত ক্ষেপণাস্ত্রটো আহি পৰিছে তাৰ পৰা সামান্য দূৰত ছিৰিয়াৰ নিৰাপত্তাৰক্ষী আৰু সেনাৰ কেবাটাও গুৰুত্বপূৰ্ণ সামৰিক কাৰ্যালয়ৰ । আছে ইৰাণৰ এটা সাংস্কৃতিক কেন্দ্ৰও ।

প্ৰথমতে, ইৰানী কৰ্তৃপক্ষই জনাই যে মৃত্যুৰ সংখ্যা পাঁচজন। গুৰুতৰভাৱে আহত হৈছে ১৫ জন লোক । পাছত, ছিৰিয়াৰ এটা মানৱ অধিকাৰ গোটে জনাই যে মৃত্যুৰ সংখ্যা আছিল ১৫ জন আৰু আঘাতপ্ৰাপ্ত হৈছে একাধিক লোক।

ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেওবাৰে পুৱা প্ৰায় ১২:৩০ বজাত ইজৰাইল দখলত থকা গোলান প্ৰদেশৰ পৰা দামাস্কাছত এটা মিছাইল নিক্ষেপ কৰা হৈছিল।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখুওৱা হৈছে যে কেনেকৈ এটা ১০ মহলীয়া ঘৰ মিছাইলৰ দ্বাৰা ধ্বংস কৰা হৈছে ।

ছিৰিয়ান প্ৰশাসনে জনাই যে দেওবাৰৰ আক্ৰমণ ইজৰাইলৰ দ্বাৰা সংঘটিত আটাইতকৈ ভয়ংকৰ আক্ৰমণ।

ইজৰাইলে অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই । মাত্ৰ এমাহ আগতে, এটা ইজৰাইলী মিছাইলে দামাস্কাছ বিমানবন্দৰত আক্ৰমণ কৰে । সেইসময়তো চাৰিজন লোক নিহত হৈছে।

Exit mobile version