Green Port And Green Shipping In India:সেউজ বন্দৰ পৰিৱেশ প্ৰণালীৰ বাবে পৰিকল্পনা প্ৰস্তুতকৰণত অগ্ৰাধিকাৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ

ভি অ' চিদাম্বৰনাৰ বন্দৰক হাইড্ৰ'জেন হাব হিচাপে বিকশিত কৰা হ'ব : সোণোৱাল

WhatsApp Image 2023 02 21 at 19.41.34

Green Port And Green Shipping In India:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিয়ে আজি মুম্বাইত ‘সেউজ বন্দৰ আৰু সেউজ জাহাজ পৰিবহণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

এই আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে সংশ্লিষ্ট কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও সাংসদ আৰু উচ্চপদস্থ বিষয়া।

মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ সেউজ জাহাজ আৰু সেউজ জাহাজ পৰিবহণ পদক্ষেপৰ অধীনত দেশৰ মুখ্য বন্দৰবোৰে বিভিন্ন সময়োচিত কার্যকলাপ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিছে যিয়ে বন্দৰ আৰু জাহাজ খণ্ডৰপৰা সেউজ গৃহ গেছ (গ্রীণ হাউছ গেছ)ৰ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব আৰু সামুদ্রিক খণ্ডক সেউজীয়া তথা বহনক্ষম কৰাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

“কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ইয়াৰ প্ৰতিটো মুখ্য বন্দৰৰ মুঠ বিদ্যুৎ চাহিদাৰ বাবে নৱীকৰণযোগ্য শক্তিৰ অংশ বৰ্তমানৰ ১০% তকৈও কম অংশৰপৰা এতিয়া ৬০% লৈ বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে।

বন্দৰবোৰে ২০৩০ চনৰ ভিতৰত প্ৰতি টন কাৰ্গ প্ৰক্ৰিয়াকৰণৰ সময়ত কাৰ্বন নির্গমন ৩০% হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী মুকলি কৰা মেৰিটাইম ভিজন ডকুমেণ্ট-২০৩০ হৈছে বহনক্ষম সামুদ্রিক খণ্ড আৰু নীল অৰ্থনীতিৰ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীৰ ১০ বছৰীয়া ব্লুপ্ৰিণ্ট।

তেখেতৰ সবল দৃষ্টিভংগীক সাৰোগত কৰিয়েই সেউজ বন্দৰ, সেউজ জাহাজ পৰিবহণ আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল বিকাশত আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰিছোঁ। সৰ্বানন্দ সোণোৱালে আজি এইদৰে কয়।

ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছনৰ অধীনত পৰিকল্পনা কৰা অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে পাৰাদীপ বন্দৰ, দীনদয়াল বন্দৰ আৰু ভি অ’ চিদাম্বৰনাৰ বন্দৰক হাইড্ৰ’জেন হাব হিচাপে বিকশিত কৰাৰ বাবে নির্বাচিত কৰিছে, যিয়ে ২০৩০ চনৰ ভিতৰত সেউজ হাইড্ৰজেনৰ উৎপাদন, সঞ্চয় আৰু প্ৰক্ৰিয়াকৰণ ত্বৰান্বিত কৰিব পাৰে।

মন্ত্ৰালয়টোৱে মুখ্য বন্দৰসমূহত সেউজ বন্দৰৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই বন্দৰসমূহত পাৰিপাৰ্শ্বিক অনুকূল উন্নয়ন সাধন হয়।

সেউজ পৰিবহণৰ অংশ বৃদ্ধি কৰাৰ বাবে ভাৰতৰ সর্ববৃহৎ জাহাজ নির্মাণ কোম্পানী কোচিন শিপয়ার্ড লিমিটেডে বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণ কৰি আছে।

ইয়াৰ ভিতৰত আছে হাইব্রিড ইলেক্ট্রিক ফেৰী, স্বতন্ত্র শূন্য-নির্গমন জাহাজ, হাইড্রজেন ফুৱেল চেল ফেৰীৰ পাইলট প্রকল্প, বৈদ্যুতিক কেটামাৰান ৱাটাৰ টেক্সি, হাইব্রিড ইলেক্ট্রিক ৰ’-ৰ’, হাইব্রিড এলএনজি-ইলেক্ট্রিক ইনলেও কাৰ্গ কেৰিয়াৰ, হাইব্রিড টাপ আদি।

দেশৰ ১২টা মুখ্য বন্দৰৰদ্বাৰা সেউজ পদক্ষেপসমূহ যি ক্ষিপ্ৰ গতিত হাতত লোৱা হৈছে, সেইটোৱে নিশ্চিতভাৱে বন্দৰসমূহক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তুলিবলৈ খণ্ডটোত এক সেউজ বিপ্লৱৰ সৃষ্টি কৰিব, যি হৈছে নীল অৰ্থনীতিৰ এক মুখ্য উপাদান। ই পৰিৱেশগত সুৰক্ষাৰ উপৰি বিনিয়োগ আৰু নগদ প্রবাহৰ ভাৰসাম্যও বজাই ৰাখিব।

Exit mobile version