Job : মাহে চাৰি লাখ টকা দৰমহা , আছে বিদেশ ঘূৰাৰ সুযোগ , তাৰ পাছতো কোনো আবেদন কৰা নাই ! কিন্তু কিয় ?

1676966124 new project 2023 02 21t132502 287

Job :

বৃহৎ পৰিমাণৰ দৰমহা, বিদেশ ভ্ৰমণৰ ব্যৱস্থা, কম পৰিশ্ৰম, আকৰ্ষণীয় সুবিধাৰ স’তে এনে চাকৰিৰ সপোন দেখে বহুতেই দেখে । গোটেই জীৱন ধৰি এনে এটা চাকৰিৰ আশা মনৰ গভীৰত ।লুকাই থাকে ।

স্কটলেণ্ডৰ এটা কোম্পানীয়ে শেহতীয়াকৈ কিছুমান বিশেষ সুযোগ সুবিধাৰ স’তে এটা চাকৰিৰ বিজ্ঞপ্তি জাৰী কৰিছে, মাহে চাৰি লাখ টকা দৰমহাৰ স’তে, বিদেশত বন্ধ কটোৱাৰ সুযোগ।

কিন্তু বিজ্ঞপ্তি প্ৰকাশ হোৱাৰ কিছুদনৰ পাৰ হোৱাৰ পাছতো এতিয়ালৈকে কোনো আবেদন দাখিল কৰা হোৱা নাই। যদিও অন্যান্য সুবিধা আছে, কামটো হ’ল সমুদ্ৰৰ তলৰ পৰা তেল খনন আৰু গেছ আহৰণ কৰা।

এনে কঠোৰ পৰিশ্ৰমত কোনেও আগ্ৰহী নহয়, সেয়েহে মোটা দৰমহা হোৱা স্বত্বেও কোনেও আবেদন কৰা নাই বুলি অনুমান কৰা হৈছে । জাননী অনুসৰি, এই পদৰ বাবে নিযুক্তি প্ৰাপ্ত সকলক প্ৰথমে একৰ পৰা ছয় মাহৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব।

দিনে ১২ ঘণ্টা কাম কৰিব লাগিব। সেই অনুসৰি, দৰমহাও পাব। নিয়োগকাৰী সংস্থা ‘এমডিই পৰামৰ্শদাতাৰ’ তৰফৰ পৰা এই কথাই জনাইছে ।

যদি কোনো লোকে একেৰাহে দুবছৰ কাম কৰে। আৰু যদি তেওঁ প্ৰতিদিনে দুটা শ্বিফ্টত কাম কৰে, তেন্তে এই ক্ষেত্ৰত তেওঁৰ দৰমহা প্ৰায় ৮০ লাখ টকালৈ বৃদ্ধি হ’ব।

ছুটি ল’লেও, কৰ্তন কৰা নহয় দৰমহা । শাৰীৰিক অসুস্থতাৰ বাবে বাবেও পাব বহু দিনৰ ছুটি । ইয়াৰ স্বত্ত্বেও, বিজ্ঞাপনটো ওলাই অহাৰ এমাহ পাৰ হৈ গ’ল, কিন্তু এতিয়ালৈকে এটাও আবেদন দাখিল কৰা হোৱা নাই।

Exit mobile version