Ganga Vilas : কোনে ক’লে ছুইজাৰলেণ্ডতকৈ কোনোগুণেই কম নহয় অসমৰ প্ৰাকৃতিক দৃশ্য ?

WhatsApp Image 2023 02 20 at 19.16.18 1

Ganga Vilas :

ছুইজাৰলেণ্ডতকৈ কোনো গুণে কম নহয় অসমৰ প্ৰাকৃতিক দৃশ্য। সঁচাকৈয়ে প্ৰকৃতিৰ ভিন্ন ৰূপ-লাৱণ্যৰে চহকী অসম।

মঙলবাৰে শক্তিপীঠ কামাখ্যা ধাম পৰিদৰ্শন কৰি হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে দেৱী কামাখ্যাৰ ওচৰত সেৱা জনাই এনেদৰে অসমৰ প্ৰশংসাত পঞ্চমুখ হ’ল ছুইজাৰলেণ্ডৰ পৰা অহা একাংশ পর্যটক।

মধ্য ভাৰতৰ পৰা নদী পথেৰে প্ৰথমবাৰলৈ অসমক সংযোজিত কৰিবলৈ অহা বিলাসী ক্রুজ ‘গংগা বিলাস’ৰ যাত্ৰী বিদেশী পর্যটকসকলে মঙলবাৰে শক্তিপীঠ কামাখ্যাধাম আৰু ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰি প্রাচীন অসমৰ ভাস্কর্য শিল্প দেখি অভিভূত হৈ পৰে।

পাণ্ডু ঘাটত জাহাজতে নৈশ যাপনৰ অন্তত মঙলবাৰে পুৱা তিনিখনকৈ বাহনেৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পোনতে কামাখ্যা মন্দিৰ আৰু তাৰ পাছত সংগ্ৰহালয় পৰিদৰ্শন কৰোৱা হয় পর্যটকসকলক।

কামাখ্যা দেৱালয়ত পৰ্যটকসকলক মন্দিৰ পৰিচালনা সমিতিয়ে উষ্ম আদৰণি জনায়। কামাখ্যা দৰ্শনৰ পাছতে অসম ৰাজ্যিক সংগ্ৰহালয়ত উপস্থিত হোৱা ২৮ জনীয়া পৰ্যটকৰ দলটোৱে অসমৰ ইতিহাস বিজড়িত প্রাচীন সম্পদসমূহ পৰিদৰ্শন কৰি আপ্লুত হয়।

পর্যটকসকলে সাংবাদিকৰ আগত মত প্ৰকাশ কৰি কয়, ‘দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত ষ্টেনগান, মেচিনগান, ৰকেট আদি দেখি তবধ মানিছো।

সেই তাহানিতে জাপানী সৈন্যসকলে উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা ৰবৰেৰে প্ৰস্তুত কৰা বিশেষ জেকেট আৰু মাস্ক প্রত্যক্ষ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ কথা সুঁৱৰিব পাৰিছো।’

ইফালে, অসমত কটোৱা বিগত চাৰিটা দিনৰ অভিজ্ঞতাৰ প্ৰসংগত ছুইজাৰলেণ্ডৰ পৰা অহা বয়োজ্যেষ্ঠ পৰ্যটক পিটাৰে কয়, ‘অসমবাসীৰ আতিথ্যই আমাক বিমুগ্ধ কৰিছে। গুৱাহাটী চহৰখন ভবাতোকৈ বেছি ধুনীয়া।

ইণ্টাৰনেটৰ জগতখনত সততে প্রত্যক্ষ কৰা অসমখনৰ প্ৰাকৃতিক দৃশ্য বাস্তৱ ক্ষেত্ৰত আৰু অধিক মনোমোহা। এতিয়া আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো পৰৱৰ্তী দুই-তিনিদিনৰ ভিতৰতে উপস্থিত হ’বলগীয়া কাজিৰঙা দৰ্শনৰ বাবে।

হয়তো আমাৰ বাবে এই যাত্রা হ’ব এক চিৰস্মৰণীয় যাত্রা।’ ক্রমাগতভাৱে ৪৩ দিন ধৰি এমভি গংগা বিলাসেৰে যাত্রা অব্যাহত ৰখা বিদেশী পর্যটকৰ দলটোক কঢ়িয়াই অনা জাহাজখনে উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ক্ৰমে বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগৰ লগতে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছে।

এই সুদীৰ্ঘ যাত্ৰাত জাহাজখনে অতিক্রম কৰিছে ২৭খনকৈ নদ-নদী। আজি পৰ্যটকৰ দলটোৱে গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত প্রত্যক্ষ কৰি অভিভূত হয় আহোম মুদ্ৰাৰ লগতে নগা মুদ্রা, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাসমূহৰ লগতে আন বিভিন্ন মূল্যৱান প্রাচীন সম্পদ।

নৰনাৰায়ণৰ ৰূপৰ মুদ্ৰা, ১৭৮০ৰ পৰা ১৭৯৫ খ্ৰীষ্টাব্দলৈ অসমৰ শিৱসাগৰকে ধৰি বিভিন্ন স্থানত প্রচলিত গৌৰীনাথ সিংহৰ মুদ্ৰা, বিভিন্ন ভাস্কর্য শিল্প, প্রাচীন কালত ব্যৱহাৰ হোৱা শিলালিপি আদি প্রাচীন সম্পদসমূহ কেমেৰাৰে ফটো মাৰি স্মৃতি লৈ যাবলৈ তৎপৰ হৈ পৰে পৰ্যটকসকল।

Exit mobile version