Government Employees Take Bribes :
পুনৰ এজন চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিলে দক্ষিণ শালমৰাত ৷ উৎকোচৰ ধন লওতেই মণ্ডল এজনক হাতেলোটে কৰায়ত্ত কৰে অসম আৰক্ষীৰ দুনীৰ্তি নিবাৰক শাখাই ৷
প্ৰাপ্ত তথ্য অনুসৰি দক্ষিণ শালমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল আবু তালেব মিঞাই এজন লোকৰ মাটি নামজাৰি কৰাৰ বাবে উৎকোচ বিচাৰিছিল ২১হেজাৰ টকা ৷ এই সন্দৰ্ভত অভিযোগকাৰীয়ে কাষ চাপে সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ ৷
বিভাগৰ পৰামৰ্শ অনুযায়ী আজি দুপৰীয়া ভাগত মণ্ডল আবু তালেব মিঞাক বিচৰা ধনৰ আগধন হিচাপে ১৩হেজাৰ দিওতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুনীৰ্তি নিবাৰক শাখাৰ বিষয়া দলে হাতে লোটে ধৰে ৷
উল্লেখ্য যে ধৃত মণ্ডলজনৰ বিৰুদ্ধে অভিযোগকাৰীয়ে ইতিপূৰ্বেই সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ত ০৪/২০২৩ ত গোচৰ ৰজু কৰিছিল ৷
মনকৰিবলগীয়া যে,দীৰ্ঘদিন ধৰি দক্ষিণ শালমৰাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মাটি নামজাৰি কৰাকে ধৰি বিভিন্ন কামত ৰাইজৰ পৰা একাংশ ধনলোভী মণ্ডলে ধন বিচৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ বিচৰা ধৰণে ধন নিদিলে কোনো লোকৰে কাম হৈ নুঠিছিল ৷