Kataria Takes Over As Governor :শপত গ্ৰহণ কৰিলে অসমৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই শপত বাক্য পাঠ কৰালে মুখ্য ন্যায়াধীশ সন্দীপ মেহতা

WhatsApp Image 2023 02 22 at 12.39.57

Kataria Takes Over As Governor :

ৰাজ্যৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত ল’লে গোলাব চান্দ কাটাৰিয়াই ৷ শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ সভাগৃহত দুপৰীয়া ভাগত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত বাক্য পাঠ কৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই ৷

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ আটাই কেইগৰাকী মন্ত্ৰীৰ লগতে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু উচ্চ পদস্থ বিষয়া বৰ্গ উপস্থিত থাকে৷ ৷

শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই নৱ নিযুক্ত ৰাজ্যপাল গৰাকীক আদৰণি জনায় ৷ উল্লেখ্য যে,শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত ভগৱানৰ আশিস লৈ আৰম্ভ কৰিবলৈ পুৱা নীলাচলস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় ৰাজ্যপাল গৰাকী ।

কামাখ্যাত অসমৰ নতুন ৰাজ্যপাল গৰাকীয়ে দেৱী কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ালে। তেওঁ পৰিয়ালসহ দেৱীৰ আশিস গ্ৰহণ কৰে।

২০ ফেব্ৰুৱাৰীত গোলাব চান্দ কাটাৰিয়াই ৰাজস্থানৰ পৰা অসমত উপস্থিত হৈছিল। কাটাৰিয়া ৰাজ্য খনৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল ৷

Exit mobile version