Assam Police Arrests Senior Congress Leader Pawan Khera At Delhi Airport : জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

দিল্লীৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক, প্ৰধানমন্ত্ৰী মোদীক অপমান কৰা বুলি খেৰাৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈছিল গোচৰ

WhatsApp Image 2023 02 23 at 14.48.16

Assam Police Arrest Senior Congress Leader Pawan Khera At Delhi Airport:

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন খেড়াক দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। নেতা গৰাকীৰ বিৰুদ্ধে অসমৰ কে’বাখনো জিলাত  ৰুজু হৈছিল ১৫ টাকৈ গোচৰ ৰুজু হৈছিল।

আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এজনে হাফলং আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজনক

উল্লেখ্য যে,অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সংবাদ কোষৰ মুৰব্বী পৱন খেড়া বৃহস্পতিবাৰে দিল্লীৰ পৰা ছত্ৰিশগড়ৰ ৰাজধানী ৰায়পুৰত আয়োজিত হ’বলগীয়া অধিবেশনত অংশ গ্ৰহণৰ বাবে দিল্লী বিমান বন্দৰত নিদিষ্ট বিমান খনত উঠাৰ পাছতে পূৰ্বৰে পৰা খাপ পিটি থকা অসম আৰক্ষী দলে দিল্লী আৰক্ষীৰ সহযোগত আটক কৰে ৷

আনহাতে অৰ্তকিতে কংগ্ৰেছ নেতাজনক আটক কৰাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে তেওঁৰ স’তে থকা আন আন কংগ্ৰেছী নেতা সকলে ৷ নেতাসকলে বিমানৰ কাষতে মাটিত বহি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

প্ৰতিবাদী কংগ্ৰেছী নেতা সকলৰ অভিযোগ পৱন খেড়াক ইণ্ডিগো’ বিমানৰ পৰা নমাই দিয়া হৈছে ৷ ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ অধিৱেশনক বিজেপিয় এই সন্মিলন বন্ধ কৰিবলৈ বিজেপিয়ে অপচেষ্টা চলোৱাৰো অভিযোগ কৰে কংগ্ৰেছে।

বিমান বন্দৰত পৱন খেড়াক গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ সৈতে আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা চি বেণুগোপালা,পৱনদ্বীপ সূৰ্যাৱালা, সুপ্ৰীয়া শ্ৰীনেট সহ কে’বাজনো নেতা।

আনহাতে পৱম খেড়াক গ্ৰেপ্তাৰৰ সম্পৰ্কত অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন শৃংখল) প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, খেড়াৰ বিৰুদ্ধে ইতিমধ্যে ৰজু হোৱা বহু কেইটা গোচৰৰ অধীনত দিল্লী আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷

সেই অনুসৰি আজি গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইতিমধ্যে তেওঁক দিল্লীৰ স্থানীয় আদালতত হাজিৰ কৰি আদালতৰ অনুমতি সাপেক্ষে জিন্মাত লৈ অসমলৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰে আই জি পি গৰাকীয়ে ৷

আমি দিল্লী আৰক্ষীক পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছো । স্থানীয় আদালতৰ অনুমতি পোৱাৰ পিছতে তেওঁক অসমলৈ নিয়া হ’ব।

উল্লেখযোগ্য পৱন খেড়াই কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেতবোৰ বিৰূপ মন্তব্য কৰিছিল।

পৰবৰ্তী সময়ত তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে অসমৰ ৰ ১৫ খন আৰক্ষী থানাত বহুবোৰ গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এজনে হাফলং আৰক্ষী থানাত ৰজু কৰা অভিযোগৰ ভিত্তিত ১২০ (বি), ১৫৩ (এ), ১৫৩ (বি) (১), ৫০০ ধাৰাৰ  অধীনত গ্ৰেপ্তাৰ কৰা হয় পৱন খেৰাক ।

Exit mobile version