Lay Off Notice :
বিশ্বজুৰি অব্যাহত থকা অর্থনৈতিক মন্দাৱস্থাৰ পৰিণতিত আমেৰিকাৰ বহু কোম্পানীয়ে ব্যাপক কৰ্মচাৰী ছাটাই অভিযান চলাবলৈ বাধ্য হৈছে। ইয়াৰ ফলত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে এইচ১বি ভিছাৰে আমেৰিকাত কৰ্মৰত ভাৰতীয়সকল।
অত্যন্ত দক্ষ শ্ৰেণীত বিদেশীৰ বাবে এই ভিছা প্ৰদান কৰি আহিছে আমেৰিকাৰ প্ৰব্ৰজন বিভাগে। এই ভিছাৰ চৰ্তৰ অধীনত দুমাহতকৈ অধিক কর্মহীন হৈ থাকিলে উক্ত বিদেশী ব্যক্তিয়ে আমেৰিকা ত্যাগ কৰিব লাগিব।
তথ্য অনুসৰি ২০২১ বৰ্ষত বিশেষ বিবেচনাত এই ভিছা লাভ কৰা লোকসকলৰ ৭৫ শতাংশই আছিল ভাৰতীয়৷ প্ৰাপ্ত তথ্য অনুসৰি, তথ্য প্রযুক্তি খণ্ডত আমেৰিকাত বৰ্তমানলৈকে প্রায় দুই লাখ লোক কৰ্মচ্যুত হ’ল আৰু ইয়াৰে এক-তৃতীয়াংশই হৈছে ভাৰতীয়।
এলফাবেট, এমেজন, মেটা, মাইক্ৰ’ছফট, টুইটাৰ আদি প্ৰতিষ্ঠানসমূহে সম্প্রতি ব্যাপক হাৰত কৰ্মী ছাটাই অব্যাহত ৰাখিছে।
ইয়াৰ ফলত সম্প্রতি আমেৰিকাত এইচ১বি ভিছাৰে বসবাস কৰা কৰ্মচ্যুত ভাৰতীয়সকল বিপাঙত পৰিছে। দুমাহৰ ভিতৰতে পুনৰ নতুন নিযুক্তি লাভ কৰিব নোৱাৰিলে এইসকল ভাৰতীয়ই স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ গত্যন্তৰ নাথাকিব।






























