Visa : চলিত বৰ্ষত আমেৰিকাই ৩৬ শতাংশ অধিক ভাৰতীয়ক ভিছা দিলে

116866 nirxdrxsfu 1582012170

Visa :

আমেৰিকাৰ ভিছা লাভৰ ক্ষেত্ৰত ভাৰতে প্রাধান্য লাভ কৰি আহিছে। মার্কিন ভিছা বিষয়াৰ তথ্য অনুসৰি, ক’ভিড পৰৱৰ্তী সময়ত আমেৰিকাৰ ভিছা প্রদান প্রক্রিয়া পূৰ্বতকৈ ৩৬ শতাংশ অধিক দ্ৰুত হ’ল।

মার্কিন ভিছাৰ বাবে আবেদনকাৰী ভাৰতীয় নাগৰিকসকলক অতি কম সময়ৰ ভিতৰত মার্কিন ভিছা প্ৰদানৰ ব্যৱস্থা কৰা বুলিও বিষয়াজনে দাবী কৰে।

আমেৰিকাৰ ভিছা সেৱাৰ সহকাৰী সচিব জুলি ষ্টফটে এই কথা প্ৰকাশ কৰি লগতে কয় যে ক’ভিড অতিমাৰীৰ পূৰ্বৰ তুলনাত ভাৰতীয়ৰ বাবে আমেৰিকাই ৩৬ শতাংশ অধিক ভিছা বৰ্তমানলৈকে জাৰি কৰিলে।

মার্কিন ভিছা নবীকৰণৰ প্ৰক্ৰিয়াও পূৰ্বতকৈ দ্রুত হোৱা বুলি জুলিয়ে জানিবলৈ দিয়ে।

Exit mobile version