AASU Orgranising Secretary Dhanmani Dutta Quits :সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ধনমণি দত্তৰ অব্যাহতি গ্ৰহণ

AASU Orgranising Secretary Dhanmani Dutta Quits

AASU Orgranising Secretary Dhanmani Dutta Quits :

সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ ধণমণি দত্তই ব্যক্তিগত এৰাব নোৱাৰা কাৰণত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আজি আনুষ্ঠানিকভাৱে অব্যাহতি গ্ৰহণ কৰে।

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত সদ্য বিদায়ী কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধনমণি দত্তই কয়, আনুষ্ঠানিকভাৱে অব্যাহতি গ্ৰহণ কৰিলেও সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ শ্ৰদ্ধা আনুগত্য সদায় থাকিব। আৰু অনাগত দিনত জাতীয়তাবাদী মনোভাৱেৰে আই মাতৃৰ সেৱা আগবঢ়ায় যাব বুলি সদৰী কৰে।

অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা উপস্থিত থাকি উল্লেখ কৰে যে সদৌ অসম ছাত্ৰ সন্থালৈ দত্তৰ বৰঙণি সদায় স্মৰণীয় হৈ ৰ’ব।

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত বিদায়ী সাংগঠনিক সম্পাদকগৰাকীক জিলা ছাত্ৰ সন্থাৰ লগতে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থা, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত ২০ খন আঞ্চলিক ছাত্ৰ সন্থাই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, দত্ত ছাত্ৰ অৱস্থাৰ পৰাই সন্থাৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে, আঞ্চলিক, মহকুমা জিলা আৰু কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থাকি দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াইছিল।

Exit mobile version