Devastating Fire In Hatigaon :মহানগৰীৰ হাতীগাঁওত বিধ্বংসী অগ্নিকাণ্ড

জুইত ভস্মীভূত হ'ল ডেৰ শতাধিক বাসগৃহ,কে'বা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়,অঞ্চলটোত আছিল দিন হাজিৰা কৰা লোক

WhatsApp Image 2023 02 24 at 13.16.40

Devastating Fire In Hatigaon :

মহানগৰীৰ মাজমজিয়াৰ হাতীগাঁও চাৰিআলিৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডত ৷ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় ডেৰ শতাধিকৰো অধিক বাসগৃহ ৷

ৰিজুৱানা আলী নামৰ লোক জনৰ চৌহদৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি প্ৰাপ্ত বাতৰিত প্ৰকাশ ৷ আলীৰ ভাড়াঘৰত থকা ভাড়াতীয়া এজনে জুই ধৰি থকাৰ অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ড ৷

বিধ্বংসী অগ্নিকাণ্ডত ছয়টাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হয়। যাৰ ফলত জুইৰ লেলিহান আগুৰি ধৰে অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক বাসগৃহ ৷ আনকি জুইত জাহ যায় এখন চাৰিচকীয়া বাহনো।

উল্লেখ্য যে,অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে প্ৰায় বিশ খনকৈ অধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে চাৰিঘন্টীৰ অশেষ চেষ্টাৰ অন্তত মাজ নিশাহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

অঞ্চলটোত বাস কৰা সৰহ সংখ্যকেই দিন হাজিৰা কৰা লোক ৷ বিগত পোন্ধৰ বছৰ ধৰি উল্লিখিত অঞ্চলটোত ভাৰাতীয়া হিচাপে আছিল দুৰ্ভগীয়া পৰিয়ালসমূহ।

ইতিমধ্যে জুইত সকলো সৰ্বস্বান্ত হৈ গৃহহাৰা হোৱা লোক সকলক হাতীগাঁও চাৰিআলিৰ জামে মছজিদ কমিটিয়ে আশ্রয় দিয়ে ৷

অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা- সামগ্ৰী ক্ষতিসাধন হয়। মনকৰিবলগীয়া যে,জুইত সৰ্বস্বান্ত হৈ গৃহহাৰা হোৱা কেইবাটাও পৰীয়ালৰ ল’ৰা-ছোৱালী বছৰেকীয়া পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ৷

কিন্ত যোৱা নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত সকলো পলকতে শেষ হৈ যোৱাত তেওঁলোক হৈ পৰিছে মিয়ম্ৰাণ ৷ ইতিমধ্যে আজি জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

Exit mobile version