killing of Wild Elephant’s In Manas National Park :মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত নিধন দঁতাল হাতী কাটি নিলে দাঁত

WhatsApp Image 2023 02 24 at 20.37.26 1

killing of Wild Elephant’s In Manas National Park :

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হৈছে চোৰাং চিকাৰীৰ হাতত বন্যপ্ৰাণী নিধনৰ ঘটনা ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী ৰেঞ্জত চোৰাং চিকাৰীয়ে এটি প্ৰাপ্তবয়স্ক দঁতাল হাতী হত্যা কৰি হাতীটোৰ দাঁত কাটি লৈ উধাও হোৱাৰ ঘটনা সংঘটিত হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ পৰা প্ৰায় পাঁচ কিঃমিঃ নিলগৰ চাহাবঘাটত চোৰাং চিকাৰীয়ে নিধন কৰিছে এই হাতীটো৷ হাতীটো কেইদিনমান পূৰ্বেই চিকাৰীয়ে নিধন কৰিছে যদিও বুধবাৰেহে চাহাবঘাটত হাতীটোৰ মৃতদেহ উদ্ধাৰ হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

জানিব পৰা মতে আজি মানাহৰ বন বিভাগে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে ৷ উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান-বনাঞ্চলত চোৰাং চিকাৰীৰ কাৰ্যকলাপ ৰোধ হোৱা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও মানাহত শেহতীয়াভাৱে সংঘটিত হাতী নিধনৰ এই ঘটনাই চোৰাং চিকাৰীৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ দিশটোহে প্ৰতীয়মান কৰিছে৷ যি ঘটনাই স্বাভাৱিকতে ব্যথিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ লগত জড়িত বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন আৰু ব্যক্তি বিশেষক ৷

ইফালে বেচৰকাৰী সূত্ৰৰ পৰা লাভ কৰা আন এক তথ্য মতে বিগত এবছৰৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিকভাৱে, দূৰ্ঘটনাক্ৰমে আৰু চোৰাং চিকাৰীৰ হাততে ধৰি প্ৰায় ত্ৰিশটা বন্যহস্তীৰ মৃত্যু ঘটিছে৷

Exit mobile version