Robbery At Katimari In Tulsibeel :তুলসীবিলৰ কৰ্তিমাৰীত ডকাইতি কাণ্ড

আৰক্ষীৰ অভিযানত ডকাইতি কাণ্ডত ব্যবহৃত পিষ্টল উদ্ধাৰ

WhatsApp Image 2023 02 24 at 18.19.11

Robbery At Kartimari In Tulsibeel :

কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ কৰ্তিমাৰীত সন্ধিয়া প্ৰায় ৭ মান বজাত ৫ জনীয়া দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই বিশ্বজিৎ বৰ্মনৰ পৰা ২লাখ টকা লুটি লৈ যায়।

প্ৰাপ্ত বাতৰি মতে কৰ্তিমাৰী বজাৰৰ পৰা বিশ্বজিৎ বৰ্মণে নিজৰ গ্ৰাহক সেৱা কেন্দ্ৰ বন্ধ কৰি ঘৰলৈ যাওতে আধা বাটতে পূৰ্বৰ পৰা খাপ পিটি থকা ৫ জনীয়া দুৰ্বৃত্তৰ দলে যুৱক জনক আগভেটি ধৰি পিষ্টল দেখুৱাই টকা লুটাৰ চেষ্টা কৰে যদিও যুৱক জনে টকা নিদিয়াত মাৰপিট কৰি যুৱক জনৰ পৰা ২লাখ টকা লুটি লৈ যায়।

উক্ত ঘটনাক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । আজি পুৱাই ঘটনাস্থলীত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনিতা শৰ্মা উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে।

উক্ত ঘটনাত ব্যবহৃত পিষ্টল ঘটনাস্থলীৰ পৰা কিছু নিলগত খেতিপথাৰত উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে কেইদিনমান পূৰ্বে কোকৰাঝাৰ জিলাৰ ভৱানীপুৰত পেট্ৰল পাম্পত বন্দুক দেখুৱাই ডকাইতি,দুমাহ মান পূৰ্বে চৌতাৰা ৰে’ল গেটত গ্ৰাহক সেৱা কেন্দ্ৰৰ আন এজন লোকৰ পৰা মাৰপিট কৰি ডকাইতি কৰা ঘটনা সংঘটিত হৈছিল।

সম্প্ৰতি এনেধৰণৰ ঘটনাৰ বাবে ৰাইজ যে আতংক হৈ আছে সেয়া নুই কৰিব নোৱাৰি। আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন ৰায় আৰু পশ্চিম কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি ৰতন বৰ্মনে প্ৰশাসন আৰু চৰকাৰক সঠিক তদন্ত কৰি অতি শীঘ্রে দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।

Exit mobile version