Attari Railway Station In Amitsar : ভাৰতৰ একমাত্ৰ ৰে’ল ষ্টেচন, যাৰ বাবে ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন

ক'ত আছে ব্যতিক্ৰমী ষ্টেচনটো !

8520f68e 7522 42ce be19 03960f62c9ee 1

Attari Railway Station In Amitsar :

ভাৰতীয় ৰে’লৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনা কৰা হয় ৷কিয়নো ই এছিয়াৰ সৰ্ববৃহৎ ৰে’ল নেটৱৰ্ক। ইয়াৰ ডাঙৰ কাৰণটো হ’ল ভাৰতৰ জনসংখ্যা বহু বেছি ৷ ক্ৰমাৎ দিনক দিনে আৰু বৃদ্ধি পাই গৈছে ৷ যাৰ বাবে ভাৰতীয় ৰে’লত ভ্ৰমণ কৰা লোকৰ কোনো অভাৱ নাই।

ভাৰতত প্ৰায় ৮৩৩৮ টা ৰে’ল ষ্টেচন আছে৷ য’ৰ পৰা প্ৰতিদিনে কোটি কোটি লোকে ভ্ৰমণ কৰে ৷ কিন্তু আপুনি কেতিয়াবা এনে এটা ষ্টেচনৰ বিষয়ে শুনিছে নে ! য’ত ভিছা আৰু পাছপোৰ্ট অবিহনে ষ্টেচনটোলৈ যাব নোৱাৰি ৷

এতিয়া আমি সেই ৰেল ষ্টেচনৰ বিষয়ে জানো আহক :

এই ৰে’ল ষ্টেচনটো পৰিদৰ্শন কৰিবলৈ নিতান্তই প্ৰয়োজন ভিছা-পাছপোৰ্টৰ :-

আমি সকলোৱে জানো এখন দেশৰ পৰা আন এখন দেশলৈ অহা-যোৱা কৰিবলৈ ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন হয় ৷ কিন্তু ভাৰতত এনে এটা ৰে:ল ষ্টেচন আছে য’ত ভাৰতীয় লোকসকলক যাবলৈ প্ৰয়োজন হয় ভিছা আৰু পাছপোৰ্টৰ ।

আপোনাৰ উৎকণ্ঠাৰ অন্ত পেলাই জনাও যে আমি যি ৰে’ল ষ্টেচনৰ কথা কবলৈ ওলাইছো তাৰ নাম আটাৰী ৷ কিন্তু এতিয়া ইয়াক আটাৰী শ্যাম সিং ষ্টেচনলৈ সলনি কৰা হৈছে। এই ৰে’ল ষ্টেচনটো পঞ্জাৱৰ অমৃতসৰত অৱস্থিত৷ য’ত ভাৰতীয় নাগৰিকসকলে ষ্টেচনটোলৈ যাবলৈ ল’ব লাগে পাকিস্তানী ভিছা

উল্লেখ্য যে,এই ৰে’ল ষ্টেচনত ভিছা আৰু পাছপোৰ্ট অবিহনে ধৰা পৰা সকলো ভাৰতীয়ৰ বিৰুদ্ধে ১৪ খন বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। আনকি এই গোচৰত ক্ জামিন পোৱাটো অতি কঠিন ৷ইয়াৰ বাবে যদি আপুনি আটাৰী শ্যাম সিং ৰে’ল ষ্টেচনলৈ যাব বিচাৰে৷ তেন্তে আপুনি তাৰ আগতে ল’ব লাগিব পাকিস্তানৰ ভিছা ।

আটাৰী হৈছে পঞ্জাৱৰ অন্তিমটো ৰে’ল ষ্টেচন :-

আটাৰী শ্যাম সিং হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰে’ল ষ্টেচন৷ যাৰ এফালে অমৃতসৰ আৰু আনফালে লাহোৰ আছে। এইটো পঞ্জাৱৰ অন্তিমটো ৰে’ল ষ্টেচন।

সমঝোতা এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ ভি ভি আই পি ৰে’ল আৰু ইয়াৰ সেউজ সংকেতত আটাৰট ৰে’ল ষ্টেচনৰ দেখুওৱা হৈছে। মনকৰিবলগীয়া যে, কাশ্মীৰত অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছৰে পৰা এই সমঝোতা এক্সপ্ৰেছ সম্প্ৰতি বন্ধ কৰি হৈ আছে ।

Exit mobile version