Chhattisgarh Sukma Maoist Attack : ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ

তিনি মাওবাদী সহ ছহিদ তিনি জোৱান

5ba43ea0 b72a 4256 afad 5f93858c31e4

Chhattisgarh Sukma Maoist Attack :

ছত্তীশগড়ৰ সুকমা জিলাত শণিবাৰে পুৱাভাগত মাওবাদী আৰু ডি আৰ ডি জোৱানৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাত নিহত হয় তিনি মাওবাদী সহ ছহিদ হয় তিনি জোৱান ৷

প্ৰাপ্ত খবৰ অনুসৰি সুকমাৰ জাগৰগুণ্ডা থানাৰ অন্তৰ্গত কুণ্ডেৰ দুৰ্গম অঞ্চলত ১০ জনীয়া নক্সালবাদী বাহৰ পাতি থকাৰ সম্ভেদ পাই ছত্তীশগড় আৰক্ষীৰ ডি আৰ ডি বিশেষ দল এটাই অভিযান চলায় ৷

নিশাৰ ভাগত চলোৱা অভিযানৰ সময়ত জাগৰগুণ্ডা আৰু কুণ্ডেৰ মাজত আৰক্ষী আৰু মাওবাদীৰ মাজত মুখামুখি গুলীয়াগুলী হয় ৷ ফলত থিতাতে নিহত হয় তিনি দুৰ্ধৰ্ষ মাওবাদী ৷ আনহাতে নিহত হয় তিনি জোৱান ৷

মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা তিনিজন জোৱান হ’ল- সহ: পৰিদৰ্শক ৰামুৰাম নাগ,কনিষ্ঠবল বঞ্জাম ভীমা আৰু কুঞ্জাম যোগা ৷ আনহাতে অন্ধকাৰৰ সূযোগ লৈ আন নক্সালবাদী কেইজন পলায়ন কৰে ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি পলাতক মাওবাদী সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version