Titabar Fire : তিতাবৰত জ্বলি ছাই হ’ল কৃষকৰ ভঁৰালঘৰ

ভস্মীভূত হ'ল দুটাকৈ বাসগৃহ

3ba36fe7 803e 4e52 b90f 3e13c9d562dd

Titabar Fire :

তিতাবৰৰ বালিজানত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ শ্যাম গাঁৱত হোৱা বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হয় এটা ভড়াল সহ দুটাকৈ বাসগৃহ ৷

মাণিক শ্যাম নামৰ লোকজনৰ চৌহদৰ খেৰৰ মেজিৰ পৰা সূত্ৰপাত হোৱা জুয়ে পলকতে আগুৰি ধৰে খেৰঘৰ সহ ধানভৰ্তি ভড়াল ঘৰটি ৷ জুইত জাহ যায় ১৫ বিঘা মাটিৰ প্ৰায় ডেৰ লক্ষাধিক টকাৰ ধান মজুত থকা ভড়ালটি ৷

জুইৰ সূত্ৰপাত হোৱাৰ পাছতে তিতাবৰ আৰু মৰিয়ণীৰ পৰা অহা কে’বাখনো অগ্নি নিৰ্বাপক গাড়ীৰ অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ সময়মতে অগ্নি নিৰ্বাপক গাড়ী উপস্থিত হোৱাৰ বাবে জুইয়ে অন্য বাসগৃহলৈ সম্প্ৰসাৰিত হ’ব নোৱাৰিলে ৷

Exit mobile version