Top Army Officer Held From Tezpur On Charges Of Murder : সেনাৰ চতুৰ্থ ক’ৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ সেনাৰ পি আৰ অ’

হত্যাৰ গোচৰত গ্রেপ্তাৰ সেনাৰ ফ'ৰ কৰৰ শীৰ্ষ বিষয়া গৰাকী

27b05fdb 256c 44af ad82 15faa0f8bfac

Top Army Officer Held From Tezpur On Charges Of Murder :

হত্যাৰ গোচৰত গ্রেপ্তাৰ ভাৰতীয় সেনাৰ ফ’ৰ কৰৰ শীৰ্ষ বিষয়া এগৰাকী ৷ তেজপুৰস্থ সেনাৰ চতুৰ্থ কৰৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্রেপ্তাৰ কৰা বিষয়া গৰাকী হ’ল মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়া৷

কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰি আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত গ্রেপ্তাৰ কৰে বিষয়া গৰাকীক৷ উল্লেখ্য যে, ১৫ ফেব্ৰুৱাৰীত চাংসাৰিত বস্তুাত বান্ধি পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতী এগৰাকীৰ মৃতদেহ ৷

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত নিশ্চিত হয় যে যুৱতী গৰাকীৰে আছিল প্ৰেমৰ সম্পৰ্ক আছিল কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াৰ ৷ কিন্ত ৰহস্যজনকভাৱে যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় চাংসাৰিত ৷

প্ৰেমিকাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ চাংসাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেজপুৰস্থিত ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল ৱালিয়াক।ইতিমধ্যে আটকাধীন কৰ্ণেল গৰাকীক লৈ কামৰূপলৈ ৰাওনা হৈছে চাংসাৰি আৰক্ষী ৷

Exit mobile version