Udalguri Encounter : ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত কেনাৰাম নহয় ডিম্বেশ্বৰ মুছাহাৰীৰ ,পত্নীৰ দাবী

নিহত লোকজন এজন নিৰীহ কৃষক !

91649c25 840c 4530 a9e0 d6886174f718

Udalguri Encounter :

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত দৈফাঙত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা আৰক্ষীৰ এনকাউণ্টাৰত নিহত ডকাইতৰ পৰিচয়ক লৈ এতিয়া সৃষ্টি হৈছে বিভ্ৰান্তি ৷

কিন্ত শেহতীয়াকৈ এক ঘটনাই লৈছে নতুন মোৰ ৷ আৰক্ষীৰ গুলীত নিহত লোকজন ডকাইত নাছিল ৷তেওঁ আছিল বাক্সা জিলাৰ শালবাৰীৰ এজন নিৰীহ কৃষক ৷ নাম ডিম্বেশ্বৰ মুছাহাৰী ৷এই দাবী কৰিছে মুছাহাৰীৰ পত্নীৰ ৷ ইতিমধ্যে এই দাবীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে,আৰক্ষীৰে হোৱা সংঘৰ্ষত কেনাৰাম বড়ো নামৰ দুৰ্ধৰ্ষ ডকাইত এজন মৃত্যু হৈছিল বুলি আৰক্ষীয়ে সদৰি কৰিছিল শুক্ৰবাৰে ৷ কিন্ত এটা দিনৰ পাছতে নিহত লোকজন কেনাৰাম বড়ো নহয় ডিম্বেশ্বৰ মুছাহাৰী নামৰ নিৰীহ লোক বুলি সাজোৰে দাবী কৰে ডিম্বেশ্বৰৰ পত্নী আৰু স্থানীয় লোকে ৷

সংবাদ মাধ্যমৰ আগত আজি সদৰি কৰা মতে বৃহস্পতিবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত লোকজন কেনাৰাম নহয় মোৰ স্বামী ডিম্বেশ্বৰহে ৷

উল্লিখিত দিনা নিশাভাগত কেনাৰাম আমাৰ ঘৰলৈ আহি মোৰ স্বামীক মাতি লৈ গৈছিল ৷ কিন্ত পৰৱৰ্তী সময়ত এনকাউণ্টাৰত মোৰ স্বামী নিহত হোৱাৰ পাছতে কেনাৰামৰ পৰিয়ালে অতি কৌশলৰে সমাধিস্থ কৰে ডিম্বেশ্বৰৰ নশ্বৰদেহ ৷

আজি মুছাহাৰীৰ পত্নীয়ে থানাত উপস্থিত হৈ তেওঁৰ স্বামীৰ মৃতদেহ ঘূৰাই দিবলৈ সাজোৰে দাবী উদ্থাপন কৰে ৷ উল্লেখ্য যে,মৃতদেহটো ডিম্বেশ্বৰৰ বুলি অকল পত্নীয়ে দাবী কৰা নাই দাবী কৰিছে গঞাই ৷ এইয়া ভূৱা এনকাউণ্টাৰ বুলি দাবী কৰি মুছাহাৰীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে সংশ্লিষ্ট থানাত ৷ আনহাতে এই বিভ্ৰান্তিমূলক কাৰ্যই একপ্ৰকাৰ হাহাকাৰ সৃষ্টি কৰিছে আৰক্ষী মহলত ৷

Exit mobile version