Taiwan : বিদেশ ভ্ৰমণৰ মজ্জা এইবাৰ দুগুণ ! এই দেশত ফুৰিব গ’লে লাভ কৰিব নগদ পুৰস্কাৰ

1614934314 shutterstock 669732970.jpg

Taiwan :

বিদেশ ভ্ৰমণৰ মজ্জা এইবাৰ দুগুণ ! বিদেশ ভ্ৰমণৰ লগতে পাব আৰ্থিক উপহাৰো । কেৱল কেছবেক নহয়, বিদেশত শ্বপিং, বিমানৰ টিকটৰ ক্ষেত্ৰতো থাকিব বিশেষ ৰেহাই । নিশ্চয় আপুনিও জানিব ইচ্ছা কৰিছে ক’ত পাব এই সুযোগ ?

বিদেশ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে ? যদি কৰিছে ইচ্ছাৰ তালিকাত প্ৰথমেই নাম ৰাখক টাইৱান ।

কাৰণ, টাইৱান চৰকাৰে দেশখনৰ পৰ্যটন ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ বাবে নতুন পৰিকল্পনা কৰিছে। ফলস্বৰূপে, পৰ্যটকসকলে ব্যাপক লাভ পাব পাৰে। ই বিদেশ ভ্ৰমণৰ ব্যয়ও ৰাহি কৰিব পাৰে।

তথ্য অনুসৰি,টাইৱানৰ অৰ্থনীতিত পৰ্যটন এক মুখ্য অৱদান আছে । তেওঁলোকৰ জিডিপিৰ ৪% পৰ্যটনৰ পৰা আহে। কৰ’না কালত, সেই উপাৰ্জনৰ আয় হ্ৰাস হয় ।

তেওঁলোকে সেই খৰাং পৰিস্থিতি শেষ কৰিবলৈ পৰ্যটন খণ্ডক ৮২ মিলিয়ন ডলাৰ আৱণ্টন কৰিছে। যাৰ মূল্য ভাৰতীয় ধনত প্ৰায় ৬৮০ কোটি টকা।

টাইৱান চৰকাৰে জনাইছে , নিদিষ্ট কিছু সংখ্যক পৰ্যটকক দিয়া হ’ব আৰ্থিক উপহাৰ । প্ৰতিজন পৰ্যটকক নগদ ১৬৪ ডলাৰ দিয়া হ’ব।

এই ধন বিভিন্ন ৰেহাই, লাকি ড্ৰ’ৰ জৰিয়তে পৰ্যটকসকলৰ ওচৰলৈ যাব। বিমানৰ টিকটৰ ওপৰতো ৰেহাই থাকিব পাৰে। এই সুযোগ ব্যৱহাৰ কৰি বিনামূলীয়া বিমানো লাভ কৰিব। কমেও পাঁচ লাখ পৰ্যটকে পাব এই সুযোগ ।

Exit mobile version