Meghalaya Assembly Election :মেঘালয়ত শান্তিপূৰ্ণভাৱে সম্পন্ন বিধানসভা নিৰ্বাচনৰ ভোটদান

তিনি বজালৈ ভোট দানৰ হাৰ ৬৩.৫৭

6065dc96 26ed 4759 98c9 0cf856d3ec55

Meghalaya Assembly Election :

আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ৷ এই পৰ্যন্ত দুই এটা দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰ ভোটদান অব্যাহত আছে ৷

২১.৬ লাখ ভোটাৰেৰে সৰ্বমুঠ ৫৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ । এই ২১.৬ ল‍াখ ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬৯ জন প্ৰাৰ্থীৰ ভৱিষ্যত ।

উল্লেখ্য যে শাসনাধিষ্ঠ নেশ্বনেল পিপলছ পাৰ্টী (এন পি পি)ক্ষমতাৰ পৰা উৎঘাতৰ লক্ষ্যৰে বিগত চৰকাৰৰ অন্যতম এলায়েন্স পাৰ্টনাৰ বিজেপিয়ে এইবাৰ অকলেই নিৰ্বাচনত অৱতীৰ্ণ হয় ৷

আনহাতে দল একালৰ কংগ্ৰেছী তথা পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই এইবাৰ সৱল ৰূপত নিৰ্বাচনত টি এম চিক শাসনত অধিষ্ঠিত কৰিবৰ বাবে আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে ৷

আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হয় ভোটদান পৰ্ব ৷ উল্লেখ্য যে ,বিয়লি ৩ বজালৈ ৬৩.৫৭ শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ কৰি ইতিহাস সৃষ্টি কৰিলে মেঘালয়ে ৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু তেওঁৰ ভগ্নী তথা তুৰাৰ সাংসদ আংগাথা চাংমাই দক্ষিণ তুৰাত অন্য ভোটদাতাৰ সৈতে শাৰীত থিয় হৈ ভোটদান সাব্যস্ত কৰে ৷

Exit mobile version