Tezpur Adarshagaon Project : তেজপুৰৰ নপাম আদৰ্শগাঁও নিৰ্মাণ প্ৰকল্প

এবছৰে অসম্পূৰ্ণ একাধিক কাম,১০লাখ টকীয়া সৌৰলাইটৰ ছটা বিকল

WhatsApp Image 2023 02 27 at 17.55.49

Tezpur Adarshagaon Project :

আদৰ্শ গাঁও নিৰ্মাণৰ উদ্দেশ্যে গ্ৰহণ কৰা চৰকাৰী আঁচনিৰ কাম বিগত এবছৰে অসম্পূৰ্ণভাবে পৰি আছে তেজপুৰত ৷তেজপুৰৰ নপাম অঞ্চলক সামৰি এবছৰ পূৰ্বে ধুমধামৰে আৰম্ভ হৈছিল আদৰ্শগাঁও ৰূপে বিভিন্ন আঁচনি ৰূপায়ণৰ কাম ৷

চৰকাৰে আৱন্তন দিয়া মুঠ ৫০লাখ টকাৰ ভিতৰত নপাম গাঁও পঞ্চায়তৰ অধীনত এই অঞ্চলত ২২লাখ টকাৰে তিনিটা পথ,১০লাখ টকাৰে মুঠ ২২টা সৌৰশক্তি সম্পন্ন পোহৰৰ ব্যৱস্থা,আঠ লাখ টকাৰে পকী দেৱালৰে স’তে ৰাজহুৱা প্ৰস্ৰাৱাগাৰ আৰু ১০লাখ টকাৰে এখন প্ৰৱেশদ্বাৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল ৷

সেই অনুসৰি স্থানীয় ৰাইজৰ সহযোগত এখন সমিতি গঠন কৰা হয় আৰু এই কাম সমূহৰ ঠিকা দিয়া হয় ৷ কিন্তু নপাম আদৰ্শ গাঁৱৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰথমতেই সৌৰলাইট সমূহৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপিত হয় আৰু পৰৱৰ্তী সময়ত এনে লাইট সলনি কৰা হয় য’দিও বৰ্তমান এই ২২টা লাইটৰ ভিতৰত ছয়টা লাইট নজ্বলে ৷

আনহাতে পথ তিনিটা নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে পকী দেৱাল আৰু ৰাজহুৱা প্ৰস্ৰাৱাগাৰৰ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ নহ’ল ৷

উল্লেখযোগ্য যে,যোৱা যথেষ্ট দিন ধৰি এই কাম আধৰুৱা ভাবে পেলাই থৈছে ঠিকাদাৰে ৷ একেই অৱস্থা প্ৰৱেশদ্বাৰ খনৰো ৷

১০লাখটকীয়া এই প্ৰৱেশদ্বাৰ খনৰ প্ৰায় ৭০ শতাংশ নিৰ্মাণ হ’ল য’দিও ঠিকাদাৰে সিমানতে নিৰ্মাণকাৰ্য স্থানীয় ৰাখি এতিয়া এই কাম আজি,কালিলৈ সম্পূৰ্ণ কৰিব বুলি কৈ পিছুৱাই আছে ৷

উল্লেখযোগ্য যে, এই আদৰ্শগাঁও আচনিৰ ৰূপায়ন বিধায়কৰ জৰিয়তে হয় আৰু স্থানীয় পঞ্চায়তৰ সভাপতি তথা সচিব আদি জড়িত হৈ থাকে ৷

তদুপৰি স্থানীয় ৰাইজৰ একোখন কমিটি গঠন কৰি তেওঁলোকৰ চোৱাচিতাৰ মাজৰে এই প্ৰকল্প ৰূপায়ণ কৰা হয় ৷ কিন্তু বিভিন্ন সময়ত ৰাইজৰ কমিতিৰ আহ্বানক ঠিকাদাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷

Exit mobile version