Ambani Loses Rs 44,618 Crore In Two Months :দুমাহত আম্বানীৰ ৪৪,৬১৮ কোটি টকাৰ লোকচান, দামানিৰো সম্পত্তিৰ পৰিমাণ ১৪ শতাংশ হ্রাস

আদানীৰে নহয়, চলিত বৰ্ষত বৃহৎ আর্থিক ক্ষতি আম্বানী-দামানিৰো

WhatsApp Image 2023 02 28 at 17.18.01

Ambani Loses 44,618 Crore In Two Months :

২০২৩ বৰ্ষৰ আৰম্ভণিৰে পৰা ভাৰতীয় ধনকুবেৰৰ বিপৰ্যয় অব্যাহত আছে। বছৰৰ প্ৰথম দুটা মাহত কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ল দেশৰ আগশাৰীৰ উদ্যোগপতি।

হিণ্ডেনবার্গ ৰিছাৰ্চৰ প্ৰতিবেদন প্ৰকাশৰ পাছত বিত্তীয় দিশত সর্বাধিক ক্ষতিগ্ৰস্ত হ’ল আদানী গোষ্ঠীৰ মুৰব্বী গৌতম আদানী। কিন্তু কেৱল আদানীয়েই নহয়, বিগত দুমাহত যথেষ্ট লোকচান বহন কৰিব লগা হ’ল মুকেশ আম্বানী আৰু ৰাধাকিষাণ সামানীৰ দৰে ভাৰতীয় উদ্যোগপতিয়ে।

বছৰৰ আৰম্ভণিতে বিশ্বৰ শীর্ষ ১০ ধনাঢ্যৰ তালিকাত চতুর্থ স্থানত আছে আদানী আৰু হিল্ডেনবার্গ ৰিছাৰ্চৰ প্ৰতিবেদন প্রকাশৰ পাছত সম্প্রতি এই তালিকাত আদানীৰ স্থান ৩০ সংখ্যকৰ তললৈ নামিল। চলিত বৰ্ষত বৰ্তমানলৈকে ৮,০৬০ কোটি ডলাৰৰ ক্ষতি হ’ল আদানীৰ।

একে সময়তে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে আনজন ধনকুবেৰ আম্বানী। ৰিলায়েন্স গোষ্ঠীৰ অধ্যক্ষ আম্বানী সম্প্রতি ভাৰতৰ লগতে এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে পৰিচিত হ’লেও চলিত বৰ্ষৰ আৰম্ভণি তেওঁৰ বাবেও সুখকৰ নহ’ল।

শ্বেয়াৰ বজাৰৰ অস্থিৰতাৰ ফলত বিগত দুমাহত আম্বানীৰ ৪৪ হেজাৰ ৬১৮ কোটি টকাৰো অধিক বাণিজ্যিক লোকচান হ’ল। বর্তমানে আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮,১৭০ কোটি ডলাৰ আৰু ধনাঢ্য ব্যক্তিৰ তালিকাত তেওঁৰ স্থান হৈছে ১০ সংখ্যক।

আম্বানীৰ দৰে আন এজন ধনকুবেৰ তথা ডি মার্টৰ প্ৰতিষ্ঠাপক ৰামকিষাণ দামানিৰো যোৱা পহিলা জানুৱাৰীৰ পৰা মুঠ সম্পত্তিৰ পৰিমাণ ১৪ শতাংশ হ্রাস পালে। পুঁজি বজাৰৰ অস্থিৰতাৰ ফলত দামানীৰ প্ৰতিষ্ঠানৰ ব্যৱসায়িক ক্ষতি অব্যাহত আছে।

চলিত বৰ্ষত বৰ্তমানলৈকে দামানীৰ ২২ হেজাৰ ১৪৩ কোটি টকাৰ লোকচান হ’ল। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত সম্প্রতি দামানীৰ স্থান হৈছে ৯৭ সংখ্যক। বর্তমানে দামানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৬৭০ কোটি ডলাৰ।

Exit mobile version