Guwahati Double Murder Case Update : মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা সহ অৰূপ আৰু ধনটিক পুৱাই অনা হ’ল জি এম চি এইছলৈ

লোৱা হয় তিনি অভিযুক্তৰে ডি এন এ চেম্পল

WhatsApp Image 2023 02 28 at 12.19.30 1

Guwahati Double Murder Case Update :

দেশ কপাই যোৱা গুৱাহাটীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্ত ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে মহানগৰী আৰক্ষীয়ে ৷

আৰক্ষীৰ তদন্তৰ অংশ হিচাপে মঙলবাৰে পুৱাই এই জঘন্য ঘটনাৰ মুল অভিযুক্ত বন্দনা কলিতাক পাণবজাৰৰ মহিলা আৰক্ষী থানাৰ পৰা লৈ অনা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ । একেদৰে নুনমাটি থানাৰ পৰা অনা হয় বন্দনাৰ দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাকো ।

মনকৰিবলগীয়া যে বৰ্বৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও উদ্ধাৰ হোৱা নাই শংকৰী দে আৰু অমৰজ্যোতি দে’ৰ ছিন্নমুণ্ড অংশ দেহৰ আন অংশ। আনহাতে ইয়াৰ পূৰ্বে শংকৰী আৰু অমৰজ্যোতিৰ দেহৰ সামান্য অংশহে উদ্ধাৰ হৈছিল মেঘালয়ৰ ডাউকী বিভিন্ন স্থানত ৷

আৰক্ষীয়ে তিনি অভিযুক্তৰ জিন্মাৰ ম্যাদ দেওবাৰে অন্ত পৰাত পুনৰ কামৰূপ চি জে এম আদালতত হাজিৰ কৰি পুনৰ চাৰিদিনৰ জিম্মাত লয় আৰক্ষীয়ে।

উল্লেখ্য যে,লোমহৰ্ষক হত্যাৰ খলনায়িকা বন্দনা কলিতাই আৰক্ষীৰ জেৰাত সঘনাই সলাইছে স্বীকাৰোক্তি ৷ আৰক্ষীৰ বিভ্ৰান্ত কৰিবৰ পৰা ন ন কৌশল গ্ৰহণ কৰিছে বন্দনাই ৷

Exit mobile version